ৰিলায়েন্স জিঅ’ই গুগলৰ ফাইণ্ড মাই ডিভাইচ নেটৱৰ্কৰ সৈতে সুচলভাৱে কাম কৰাৰ বাবে ডিজাইন কৰা ভাৰতৰ প্ৰথমটো ট্ৰেকাৰ JioTag Go মুকলি কৰিছে। এই অভিনৱ মুদ্ৰা আকাৰৰ ট্ৰেকাৰটোৱে গুগল প্লে’ ষ্টোৰত উপলব্ধ গুগল ফাইণ্ড মাই ডিভাইচ এপৰ সৈতে সংযোগ কৰে, আৰু বাস্তৱ-সময়ৰ অৱস্থান আপডেট প্ৰদান কৰিবলৈ ওচৰৰ এণ্ড্ৰইড ডিভাইচবোৰ ব্যৱহাৰ কৰে, যাতে ইয়াৰ গৰাকীয়ে বিশ্বজুৰি তেওঁলোকৰ সামগ্ৰীবোৰ ট্ৰেক কৰিব পাৰে।
আকৰ্ষণীয় ‘জিঅ’ টেগ গো’টো চাবি, ৱালেট, পাৰ্চ, লাগেজ, গেজেট, বাইক ইত্যাদিৰ সৈতে সংলগ্ন কৰিব পাৰি, যি ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ মূল্যৱান সামগ্ৰীৰ ওপৰত নজৰ ৰাখিবলৈ এক নিৰ্ভৰযোগ্য উপায় প্ৰদান কৰে। এইটো অনলাইন আৰু অফলাইন দুয়োধৰণে উপলব্ধ। আমাজন, জিঅ’মাৰ্ট, আৰু ৰিলায়েন্স ডিজিটেল আৰু মাই জিঅ’ ষ্ট’ৰত মাত্ৰ ১৪৯৯ টকাতে উপলব্ধ হৈছে জিঅ’ টেগ গো।
জিঅ’ই পূৰ্বে iOSৰ বাবে জিঅ’টেগ এয়াৰ মুকলি কৰিছিল, যি এপল ফাইণ্ড মাই নেটৱৰ্কৰ সৈতে একত্ৰিত হয়। এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলৰ বাবে জিঅ’টেগ গো প্ৰৱৰ্তনৰ সৈতে জিঅ’ই নিশ্চিত কৰিছে যে সকলো স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ ওচৰত এতিয়া এটা ট্ৰেকাৰ আছে, যি সমগ্ৰ বিশ্বতে কাম কৰে।
.jpg)