Sarbananda Sonowal : চামগুৰিত নিৰ্বাচনী ৰণডংকা বজালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে


 

আগন্তুক অসম বিধানসভাৰ উপ-নিৰ্বাচন উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনতাৰ প্ৰস্ফুটিত উছাহৰ মাজত আজি চামগুৰি বিধানসভা সমষ্টিৰ শিঙিমাৰীৰ কাৱৈমাৰীৰ পৰা এক বিশাল পদযাত্ৰাত অংশগ্ৰহণ কৰে আৰু ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায়। চামগুৰি বিধানসভা সমষ্টিৰ এনডিএ সমৰ্থিত বিজেপিৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ সমৰ্থনত তেখেতে বিশাল নিৰ্বাচনী সভাও সম্বোধন কৰে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চামগুৰি বিধানসভা সমষ্টিৰ কাৱৈমাৰীত অনুষ্ঠিত জনসভাত ভাষণ প্ৰদান কৰি কয়, ‘সৰ্বস্তৰৰ জনগণৰ উন্নয়ন আৰু প্ৰগতিয়েই আমাৰ লক্ষ্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সদিচ্ছা আৰু সুপ্ৰয়াসৰ বাবেই ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে আজি বিকশিত অসমৰ দিশে গতি কৰিবলৈ সক্ষম হৈছে। বিজেপি মিত্ৰজোঁটৰ চৰকাৰে বিগত ১০ বছৰৰ শাসনকালৰ সময়ছোৱাত শক্তিশালী নীতি আৰু দূৰদৰ্শী দৃষ্টিভংগীৰ বাবে আমূল পৰিৱৰ্তন সাধিবলৈ সক্ষম হৈছে। মোদীৰ নেতৃত্বত আজি সমগ্ৰ দেশতে এক শক্তিশালী উন্নয়নমূলক পৰিৱর্তন ঘটিছে। এনডিএ চৰকাৰৰ অধীনত দেশজুৰি উন্নয়নৰ এক নতুন যুগৰ সূচনা হৈছে, যিটো কংগ্ৰেছৰ শাসনকালত কল্পনাতীত আছিল। কংগ্ৰেছৰ সিৰাই সিৰাই প্ৰবাহিত পৰিয়ালতন্ত্ৰ, দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ। কংগ্ৰেছ দলৰ বহু বছৰীয়া শাসনকালৰ সময়ত অপশাসন, ভ্ৰষ্টাচাৰ, স্বজন-তোষণ আৰু অবাধ দুৰ্নীতিৰ জৰিয়তে দেশৰ অগ্ৰগতি থমকি ৰৈছিল আৰু সমগ্ৰ ৰাষ্ট্ৰ অৰ্থনৈতিক আৰু সামাজিকভাৱে দৈন্য অৱস্থালৈ গতি কৰিছিল। কংগ্ৰেছৰ এই নেতিবাচক পৰম্পৰাৰ অৱসান ঘটাই পৰিয়ালতন্ত্ৰৰ বিপৰীতে গণতন্ত্ৰক শক্তিশালী কৰাৰ বাবে আজি এনডিএ চৰকাৰ দৃঢ় প্ৰতিজ্ঞ।’


ভাষণ প্ৰসংগত সোণোৱালে কয়, ‘কংগ্ৰেছৰ ভুল নীতি আৰু অন্যায়-অৱহেলাৰ বাবে সমগ্ৰ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে বহু কষ্ট আৰু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। কংগ্ৰেছৰ শাসনত এই অঞ্চলৰ উন্নতিৰ পথ ৰুদ্ধ হৈ পৰিছিল আৰু জনসাধাৰণৰ জীৱনযাত্ৰা কঠিন হৈ পৰিছিল। লক্ষাধিক যুৱক-যুৱতীক পংগু কৰিছিল কংগ্ৰেছ চৰকাৰে। আজি এনডিএ সমৰ্থিত দ্বৈত ইঞ্জিনৰ চৰকাৰৰ সদিচ্ছা আৰু কৰ্মদক্ষতাৰ বাবে সৰ্বত্ৰে শান্তি-সমন্বয়ে বিৰাজ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত ভাৰতে আজি বিশ্বমঞ্চত এক গুৰুত্বপূর্ণ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মোদীৰ সবল প্ৰচেষ্টাৰ ফলস্বৰূপে ভাৰতৰ আৰ্থিক, ৰাজনৈতিক প্ৰভাৱ আজি উল্লেখনীয়ভাৱে বৃদ্ধি পাইছে, যাৰ ফলত বিশ্বৰ বুকুত আজি ভাৰতবৰ্ষ এখন অন্যতম শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে।’আনহাতে তেওঁ কয়, ‘কংগ্ৰেছে প্ৰায়ে শূন্যতে গদা ঘূৰাই অভিযোগ কৰে যে মোদী তথা বিজেপি মিত্ৰজোঁটৰ চৰকাৰ ধৰ্মীয় সংখ্যালঘুসকলৰ বিৰোধী। কিন্তু প্ৰকৃতাৰ্থত সেইকথা একেবাৰেই মিছা। মোদীয়ে গ্ৰহণ কৰা নীতিৰ বাবে আজি দেশৰ সৰ্বস্তৰৰ লোক বহুলভাৱে উপকৃত হৈছে। বিজেপি চৰকাৰে সংখ্যালঘু লোকসকলৰ সুৰক্ষা আৰু উন্নতিৰ বাবে সদায় অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। সম-সুযোগ আৰু সম-অধিকাৰ সুনিশ্চিত কৰিবলৈ চৰকাৰে এক শক্তিশালী দৃষ্টিভংগীৰে নানা পদক্ষেপ গ্ৰহণ কৰিছে। মোদীৰ নেতৃত্বত সংখ্যালঘু জনগণৰ আৰ্থিক, সামাজিক আৰু সাংস্কৃতিক উন্নতিৰ বাবে বিশেষ আঁচনি প্ৰৱৰ্তন কৰি সমাজক উন্নয়নৰ মূলধাৰাত সামৰি আনিবৰ বাবে লক্ষ্য ধাৰ্য কৰা হৈছে।’

তেওঁ লগতে কয়, ‘চামগুৰি সমষ্টিৰ ৰাইজে পৰিয়ালতন্ত্ৰৰ বিপৰীতে গণতন্ত্ৰক শক্তিশালী কৰাৰ বাবে দৃঢ় পণ লৈছে বুলি মোৰ দৃঢ় বিশ্বাস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত সূচনা হোৱা বিকাশৰ অবিৰত গতিধাৰাক ন সংকল্পেৰে আগুৱাই নিবলৈ দিপ্লুৰঞ্জন শৰ্মাক বিপুল ভোটত বিজয়ী কৰোৱাৰ বাবে মই ভোটদাতা ৰাইজক আন্তৰিকতাৰে আহ্বান জনালোঁ।’

ৰাইজৰ উৎসাহপূৰ্ণ উপস্থিতিৰে মুখৰিত এই সভাখনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী তথা অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, অসম চৰকাৰৰ মন্ত্ৰীদ্বয় ডাঃ ৰণোজ পেগু আৰু বিমল বড়া, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়কসকল ৰূপক শৰ্মা, জিতু গোস্বামী, ৰামকৃষ্ণ ঘোষ, প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা প্ৰমুখ্যে বিজেপি আৰু মিত্ৰজোঁটৰ বিষয়ববীয়া, উৎসাহী কাৰ্যকৰ্তাসকল।


Post a Comment

Previous Post Next Post