Rangia Crime News: প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে ভয়ংকৰ ঘটনা!


 

প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাই বাবেই এগৰাকী কিশোৰীৰ লগত সংঘটিত হ’ল ভয়ংকৰ ঘটনা। প্ৰথমে মানসিক নিৰ্যাতন তাৰ পিছত বন্ধুৰ সৈতে মিলি শাৰীৰিকভাৱে আক্ৰমণৰ অচেষ্টা কিশোৰীগৰাকীক। এই ঘটনাৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি ৰঙিয়াৰ উদিয়ানাৰ বাহাৰুল ইছলাম হাইস্কুলৰ চৌহদ।


অভিযোগ অনুসৰি চাহিল আলী নামৰ যুৱকজনে ১৩ বছৰীয়া কিশোৰীগৰাকীক দীৰ্ঘদিনৰ পৰা প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াই আহিছিল। কিন্তু অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে প্ৰায়ে প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰি আহিছিল। শনিবাৰে বাহাৰুল ইছলাম হাইস্কুলৰ অষ্টম শ্ৰেণীৰ তিনিগৰাকী ছাত্ৰীয়ে বিদ্যালয়লৈ অহাৰ পথত ইতিকিং কৰিবলৈ আৰম্ভ কৰে দুই যুৱকে। যুৱক দুজনক এগৰাকী যুৱতীয়ে বাধা আৰোপ কৰাৰ লগে লগে বিভিন্ন ধৰণৰ ভয় ভাবুকি প্ৰদান কৰে যুৱকজনে।


ইমানতে ক্ষান্ত নাথাকি প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে আক্ৰমণ কৰিবলৈ চেষ্টা চলায় দুই উদণ্ড যুৱকে। এই সমস্ত ঘটনা প্ৰত্যক্ষ কৰি এটা সচেতন পৰিয়ালে বাধা আৰোপ কৰে। কিন্তু দুই উদণ্ড যুৱক ক্ৰমে চাহিল আলী আৰু বাবু আলী আৰু আন দুই সহযোগীয়ে আক্ৰমণ কৰে বাধা দিবলৈ অহা ৰুবুল আলী আৰু তেওঁৰ কন্যাক। যাৰ ফলত কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয় ৰুবুল আলী আৰু তেওঁৰ কন্যা।ইফালে এই ঘটনাৰ পিছত উদিয়ানাৰ বাহাৰুল ইছলাম হাইস্কুলৰ চৌহদতে তীব্ৰ বাক-বিতণ্ডা হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পিছত ঘটনা সন্দৰ্ভত ভূক্তভোগী কিশোৰীগৰাকীৰ মাতৃয়ে ৰঙিয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰে দুই উদণ্ড যুৱকৰ বিৰুদ্ধে।

Post a Comment

Previous Post Next Post