Dibrugarh News: বিগত ৬ দিনে নিৰুদ্দেশ হৈ থকা টীয়কৰ মধুস্মিতাৰ মৃতদেহ উদ্ধাৰ


 

সময় আজি পুৱা প্ৰায় ১০:৩০ বজা। হঠাৎ ডিব্ৰুগড়ৰ পাশ্বৰ্ৱতী চেঁচা নৈৰ দলঙৰ কাষত হুৱাদুৱা লাগিল। স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিলে এটা মৃতদেহ। ভাঁহি আহি আছিল মৃতদেহটো। অৱশেষত আৰক্ষীক খবৰ দিয়া হ’ল। আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত পাৰলৈ তুলি অনা হ’ল মৃতদেহটো। মৃতদেহটো টীয়কৰ মধুস্মিতা বৰুৱা নামৰ যুৱতীগৰাকীৰ। বিগত ৬ দিন ধৰি সন্ধানহীন হৈ আছিল মধুস্মিতা বৰুৱা নামৰ যুৱতীগৰাকী। কিন্তু ৬টা দিনৰ অন্তত চেঁচা নৈত অতি ৰহস্যজনকভাৱে উদ্ধাৰ হ’ল মধুস্মিতাৰ মৃতদেহ।


উল্লেখযোগ্য যে, প্ৰেমিক পংকজ গগৈক লগ কৰিবলৈ অহাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছিল যুৱতীগৰাকী। সেইদিনাই যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে বৰবৰুৱা থানাত এজাহাৰ দাখিল কৰে আৰু সেইদিনাৰ পৰাই যুৱতীগৰাকীৰ ফোনটো অফ হৈ আছিল। আৰক্ষীয়েও বিচাৰ খোচাৰ কৰি সন্ধান পোৱা নাছিল মধুস্মিতা বৰুৱা নামৰ যুৱতীগৰাকীৰ। অৱশেষত আজি চেঁচা নৈত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ। ইফালে আৰক্ষীয়ে মোবাইলৰ কল লিষ্টৰ আঁত ধৰি মৰাণৰ পংকজ গগৈ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছে।


উল্লেখ্য যে, মধুস্মিতা বৰুৱাৰ ঘৰ টীয়কৰ ৰজাবাৰীত যদিও ডিব্ৰুগড়ৰ লেপেটকটাত বায়েক-ভিনিহিয়েকৰ ঘৰতে থাকি এটা টেলিকম কোম্পানীত চাকৰি কৰিছিল। বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধা পোছা চলাই আছে পংকজ গগৈক। ইফালে যুৱতীগৰাকীৰ বায়েকৰ ভাষ্য মতে সন্ধানহীন হোৱাৰ দিনা নিশা পংকজ গগৈৰ সৈতে আছিল মধুস্মিতা। কিন্তু অতি ৰহস্যজনকভাৱে নিশা ১২:৩০ বজালৈ ম’বাইল অফ কৰি ৰাখিছিল পংকজে। নিশাটো যোগাযোগ কৰিবলৈ চেষ্টা কৰিও ব্যৰ্থ হৈছিল মধুস্মিতাৰ পৰিয়াল। পুৱা ৫.৩০ বজাত মোবাইল অন হোৱাত মধুস্মিতাৰ ভায়েকে ফোন কৰিছিল পংকজ গগৈলৈ। ফোনত মধুস্মিতাৰ ভায়েকক পংকজ গগৈয়ে বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে। ইফালে আৰক্ষীয়ে আটক কৰাৰ পিছতে পংকজৰ পৰিয়ালৰ লোকে মধুস্মিতাৰ পৰিয়ালক গোচৰ উঠাই ল’বলৈ হেঁচা প্ৰয়োগ কৰিছিল। ঘটনা সন্দৰ্ভত ডিব্ৰুগড়ৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। ইফালে ডিব্ৰুগড়ৰ আৰক্ষীৰ ভূমিকাক লৈ ক্ষোভ যুৱতীৰ পৰিয়ালৰ। নিৰুদ্দেশৰ সম্পৰ্কে ডিব্ৰুগড়ৰ আৰক্ষীৰ শীৰ্ষ বিষয়াক খবৰ দিয়াৰ পাছতো বিষয়টোত গুৰুত্ব নিদিয়াৰ অভিযোগ পৰিয়ালৰ।

Post a Comment

Previous Post Next Post