বিগত ৬ দিন ধৰি নিখোজ টীয়কৰ মধুস্মিতা বৰুৱাৰ সন্ধান ওলাল। জীৱন্তে নহয়, চেঁচা নৈৰ বুকুত ওলাল মধুস্মিতাৰ নিথৰ দেহ। প্ৰেমিকক লগ কৰিবলৈ অহাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল মধুস্মিতা বৰুৱা। অফিচত জৰুৰী কাম থকাৰ বাবে যোৱা ৩ নৱেম্বৰ দেওবাৰেও ঘৰৰ পৰা পুৱা ৮ মান বজাত ওলাই আহিছিল মধুস্মিতা বৰুৱা। কিন্তু নিশা ১০ বজালৈ ঘৰলৈ উভতি নোযোৱাত হাহাকাৰ লাগে পৰিয়ালৰ মাজত। মধুস্মিতাৰ ফোন বন্ধ থকাত পৰিয়ালৰ লোকেও যোগাযোগ কৰিব পৰা নাছিল। অৱশেষত নিৰুদ্দেশৰ ৬ দিনৰ পিছত আজি শনিবাৰে পুৱা প্ৰায় ১০:৩০ বজাত ডিব্ৰুগড়ৰ চেঁচা নদীত উদ্ধাৰ হয় মধুস্মিতাৰ মৃতদেহ।
মৃত মধুস্মিতাৰ ঘৰ টীয়কৰ ৰজাবাৰীত। এটা টেলিকম কোম্পানীত কৰ্মৰত আছিল মধুস্মিতা। উল্লেখ্য যে, তিনিমাহ পূৰ্বে ডিব্ৰুগড়লৈ আহিছিল মধুস্মিতা। লেপেটকটাৰ বায়েক-ভিনিহিয়েকৰ ঘৰৰ পৰাই চাকৰি কৰিছিল মধুস্মিতাই। মেধাৱী আৰু নিয়মানুৱৰ্তিতাৰ বাবে অফিচত সকলোৱে ভাল পাইছিল মধুস্মিতাক। কৰ্মৰত প্ৰতিষ্ঠানটোত সোমবাৰে মধুস্মিতাৰ পদোন্নতি হোৱাৰ কথা আছিল। কিন্তু তাৰ মাজতেই ঘটিল অনাকাংক্ষিত ঘটনা। বিগত ৬ দিন ধৰি সন্ধানহীন হৈ থকা মধুস্মিতা বৰুৱাৰ মৃতদেহ উদ্ধাৰৰ পিছতে শোকত ভাগি পৰিছে পৰিয়ালৰ লোক। ঘৰৰ পৰা ওলাই অহাৰ পিছত দেওবাৰে বিয়লি মধুস্মিতাক শেষবাৰৰ বাবে বৰবৰুৱা বজাৰত লগ পাইছিল বায়েক ভিনিহিয়েকে। সন্ধিয়া ঘৰ গৈ পাম বুলিও বায়েকক কৈছিল মধুস্মিতাই। কিন্তু তাৰ পাছৰ পৰাই মধুস্মিতাৰ মোবাইল অফ হৈ আছিল।
দেওবাৰে নিশাই মধুস্মিতাৰ নিৰুদ্দেশ সন্দৰ্ভত ডিব্ৰুগড়ৰ বৰবৰুৱা থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। পৰিয়ালৰ লোকেও নিজাববীয়া অভিযানত টীয়ক ৰজাবাৰীৰে পংকজ গগৈ নামৰ এজন যুৱকক মধুস্মিতাই লগ কৰাৰ কথা পোহৰলৈ আহে। লগে লগে পৰিয়ালৰ লোকে যোগাযোগ কৰিবলৈ চেষ্টা কৰে যদিও ৰহস্যজনকভাৱে বন্ধ আছিল পংকজ গগৈৰ ফোন। সোমবাৰে পুৱা প্ৰায় ৫:১৫ বজাত হঠাৎ পংকজৰ ম’বাইল অন হোৱাত পুনৰ যোগাযোগৰ চেষ্টা কৰে। কেইবাবাৰো ৰিং কৰাৰ পিছত অৱশেষত ফোন ৰিচিভ কৰে যদিও ওলোটাই মধুস্মিতাৰ পৰিয়ালৰ লোকক হে ধমকি দিয়ে পংকজে। ইফালে পংকজ গগৈৰ কথাত সন্দেহ হোৱাত পৰিয়ালৰ লোকে পুনৰ বৰবৰুৱা আৰক্ষীক অৱগত কৰে পংকজৰ বিষয়ে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে মোবাইলৰ কল লিষ্টৰ আঁত ধৰি সোধাপোছাৰ বাবে সোমবাৰে নিশাই মৰাণৰ পৰা আটক কৰে পংকজ গগৈক।