PM Narendra Modi Pays Tribute to Ratan Tata: ৰতন টাটালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ শ্ৰদ্ধাঞ্জলি

 


 বিশিষ্ট উদ্যোগপতি তথা মানৱ হিতৈষী প্ৰয়াত ৰতন টাটাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ শ্ৰদ্ধাঞ্জলি। ভাৰতীয় উদ্যোগ ক্ষেত্ৰলৈ ৰতন টাটাৰ অৱদান চিৰদিন প্ৰেৰণাদায়ক হৈ থাকিব বুলি কয় প্ৰধানমন্ত্ৰী মোদীয়ে। বিশিষ্ট উদ্যোগপতিজনৰ দেশৰ প্ৰতি থকা অৱদানক শ্ৰদ্ধাৰে সোঁৱৰিলে প্ৰধানমন্ত্ৰীয়ে। সংকটৰ সময়ত ৰতন টাটাৰ দেশপ্ৰেম উজ্বলি উঠিছিল। ভাৰতৰ উদ্যোগজগতৰ আদৰ্শ ব্যক্তি ৰতন টাটাৰ মৃত্যু কেৱল দেশৰ বাবেই নহয় বিশ্বৰ প্ৰতিটো শ্ৰেণীৰ লোকেই তেওঁৰ অভাৱ অনুভৱ কৰিছে। যোৱা ১০ অক্টোবৰত মুম্বাইৰ বীচ্চ কেণ্ডি হাস্পতালত মৃত্যু হৈছিল ৰতন টাটাৰ। বিশিষ্ট উদ্যোগপতিজনৰ মৃত্যুত সমগ্ৰ দেশৰ জনতা শোকাহত হৈ পৰিছিল। ২৬/১১ৰ মুম্বাইৰ তাজ হোটেলকে ধৰি অন্যান্য প্ৰান্তত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত তেওঁ দেখুওৱা ধৈৰ্য আৰু সাহসৰো স্মৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছত মুম্বাইৰ তাজ হোটেল তাৎক্ষণিকভাৱে দেশৰ বাবে পুনৰ মুকলি কৰাটো দেশৰ প্ৰতি থকা তেওঁৰ প্ৰেমৰ নিদৰ্শন বুলি কয় প্ৰধানমন্ত্ৰীয়ে। ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নতশিৰ হ’বলৈ অস্বীকাৰ কৰাৰ যাত্ৰাত তেওঁৰ অৱদান আছিল।


ৰতন টাটাৰ মৃত্যুৰ এমাহ হ’ল, দেশৰ গাঁও, চহৰ, মহানগৰ সকলোতে তেওঁৰ অনুপস্থিতি গভীৰভাৱে অনুভৱ কৰিছে সকলোৱে। উদীয়মান উদ্যোগপতি, প্ৰখ্যাত উদ্যোগখণ্ডৰ ব্যক্তিসকলেও আজি তেওঁৰ মৃত্যুৰ বাবে আজি শোক প্ৰকাশ কৰিছে। দেশৰ যুৱক যুৱতীসকলৰ বাবে ৰতন টাটা আছিল প্ৰেৰণা। দেশৰ উদ্যোগখণ্ডত বিশ্বাসযোগ্যতা, দায়বদ্ধতা, মূল্যবোধ আৰু পৰম্পৰা, সততা ৰক্ষা কৰাৰ লগতে উৎকৃষ্ট প্ৰদৰ্শন আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছিল। বিশ্বজুৰি ৰতন টাটাই সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল অতি বিনম্ৰতাৰে বিশ্বাসযোগ্য সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত। ষ্টাৰ্টআপ ইক’চিষ্টেমৰ মেণ্টৰিঙৰ বাবেও ৰতন টাটা অন্যতম বাটকটীয়া হিচাপে পৰিচিত হৈছিল। ভাৰতৰ ভৱিষ্যত গঢ়াৰ বাবে নতুন প্ৰজন্মক সপোন দেখিবলৈ, সাহসী পদক্ষেপ ল’বলৈ তেওঁ পথ দেখুৱাই নিছিল।ৰতন টাটাৰ কৰ্মৰাজিয়ে আগন্তক কেইবাটাও দশক ধৰি ভাৰতৰ সমাজ জীৱনত প্ৰভাৱ পেলাব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। তেখেতৰ উদ্ভাৱন আৰু উদ্যোগীকৰণৰ সংস্কৃতিয়ে ভাৰতত বহুল প্ৰভাৱ পেলাইছে। ভাৰতীয় উদ্যোগক বিশ্বব্যাপী বিশেষ মানদণ্ডলৈ উন্নীত কৰিবলৈ সক্ষম হৈছিল, যাৰ ফলস্বৰূপে বিদেশতো ভাৰতৰ উদ্যোগসমূহে আকৰ্ষণ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে ৰতন টাটাৰ পোহনীয়া কুকুৰটোৰ উদাহৰণ দি জীৱ জন্তুৰ প্ৰতি থকা গভীৰ প্ৰেমৰ কথাও উল্লেখ কৰে। গুজৰাটত ৰতন টাটাৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। গুজৰাটত কেইবাটাও প্ৰকল্পত ৰতন টাটাই বিনিয়োগ কৰিছিল, যি সমূহৰ কথা সুঁৱৰিলে প্ৰধানমন্ত্ৰীয়ে। বদোদৰাত C-295 বিমান নিৰ্মাণৰ কাৰখানা যৌথভাৱে উদ্বোধন কৰাৰ কথাও প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰয়াত ৰতন টাটাক ‘চিঠিৰ মানুহ’ বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰীয়ে। “তেওঁ সঘনাই বিভিন্ন বিষয়ত মোলৈ চিঠি লিখিছিল, শাসনৰ কথাই হওক বা চৰকাৰী কামৰ প্ৰশংসা বা নিৰ্বাচনী বিজয়ৰ পাছত শুভেচ্ছামূলক বাৰ্তা। মই কেন্দ্ৰলৈ অহাৰ পাছতো আমাৰ মাজত ঘনিষ্ঠ যোগাযোগ অব্যাহত আছিল। তেওঁ আমাৰ জাতি গঠন প্ৰক্ৰিয়াত এক প্ৰতিশ্ৰুতিবদ্ধ অংগীকাৰ হৈ থাকি গ’ল” বুলি কয় প্ৰধানমন্ত্ৰীয়ে। স্বচ্ছ ভাৰত আন্দোলনৰ অন্যতম সমৰ্থক আছিল প্ৰয়াত ৰতন টাটা। স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ কথাও সোঁৱৰে প্ৰধানমন্ত্ৰীয়ে। দুবছৰ পূৰ্বে অসমত কেঞ্চাৰ ৰোগীসকলৰ বাবে কৰ্কট হাস্পতাল উদ্বোধন কৰিছিলোঁ। সেই সময়ত তেওঁ দিয়া ভাষণত কৈছিল যে, তেওঁৰ জীৱনৰ অন্তিম বছৰবোৰ দেশৰ স্বাস্থ্য সেৱাৰ বাবে উৎসৰ্গা কৰিব বিচাৰোঁ। স্বাস্থ্য আৰু কৰ্কট ৰোগৰ চিকিৎসা সুলভ কৰি তোলাৰ ক্ষেত্ৰত গভীৰ অনুভৱেৰে কাম কৰিছিল প্ৰয়াত ৰতন টাটাই।

Post a Comment

Previous Post Next Post