দেওবাৰে আনুষ্ঠানিকভাৱে অৱসৰ ল’ব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে। ভাৰতীয় ন্যায় ব্যৱস্থাত কেইবাটাও ঐতিহাসিক ৰায়দানেৰে কাৰ্যকাল সমাপ্ত কৰা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আবেগিক হৈ পৰে বিদায়পৰত। শুকুৰবাৰে কৰ্মজীৱনৰ অন্তিমটো দিনত ন্যায়াধীষ ডি ৱাই চন্দ্ৰচূড়ে ক’লে কাইলৈৰ পৰা মই ন্যায় প্ৰদান কৰিব নোৱাৰিম, কিন্তু মই সন্তুষ্ট। ন্যায়পালিকাৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হৈও অতি সৰল আৰু বিনম্ৰতাৰে দেশবাসীক হাতযোৰ কৰি নিজৰ আসনৰ পৰাই ক’লে আপোনালোকক যদি কেতিয়াবা মনত দুখ দিছো তাৰবাবে মোক নিঃস্বৰ্তভাৱে ক্ষমা কৰিব। এয়াই হৈছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আসনত অধিষ্ঠিত হোৱা এজন আইনবিদৰ সৰলতা। ২০২২চনৰ ১১ নৱেম্বৰত সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব লোৱা ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নিজ দেশতেই নহয় বিদেশৰ আইনবিদ সকলৰ মাজতো জনপ্ৰিয় আৰু প্ৰশংসাৰ পাত্ৰ আছিল।
বিগত দুবছৰীয়া কাৰ্যকালত ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে দেশবাসীৰ স্বাৰ্থত গ্ৰহণ কৰিছিল কেইবাটাও ঔতিহাসিক ৰায়দান। ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে অসমৰ বাবেই প্ৰদান কৰি গৈছে এক ঐতিহাসিক ৰায়। সেয়া সকলোৱে জানে যে, কেইবাটাও দশক ধৰি বিবাদিত বিদেশী বহিস্কৰণৰ ভিত্তিবৰ্ষৰ সমাধান দি গ’ল যোৱাৰ যোৱাৰ পূৰ্বে। বিদেশী বহিস্কৰণক লৈ চলি থকা ১০৫১ আৰু ১৯৭১চনৰ বিতৰ্কৰ অৱসান ঘটাই বিদেশী বহিস্কৰণৰ ভিত্তিবৰ্ষ ১৯৭১ৰ সপক্ষে ৰায়দান দিছিল ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে। ইয়াৰ লগে লগে অসমে লাভ কৰিলে এটা ভিত্তিবৰ্ষ, সমান্তৰালভাৱে অন্ত পৰিল এটি দীঘলীয়া বিবাদৰো। একেধৰণে যদি আমি চাও কেইবাটাও যুগান্তকাৰী ৰায় প্ৰদান কৰি গৈছে তেখেতৰ কাৰ্যকালত। ব্যক্তিগত জীৱন পৰিক্ৰমা যদি চোৱা যায় তেনেহ’লে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ পিতৃ ন্যায়াধীশ য়েশ্বৱন্ত বিষ্ণু চন্দ্ৰচূড়ো আছিল উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ। পিতৃ তথা ন্যায়াধীশ য়েশ্বৱন্ত বিষ্ণু চন্দ্ৰচূড় আছিল উচ্চতম ন্যায়ালয়ৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ মুখ্য ন্যায়াধীশ। ১৯৭৮ চনৰ পৰা ১৯৮৫ চনলৈকে ন্যায়াধীশ য়েশ্বৱন্ত বিষ্ণু চন্দ্ৰচূড় আছিল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ।
পিতৃৰ পদাংক অনুসৰণ কৰি সুযোগ্য পুত্ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আগবাঢ়িছিল এঢাপ এঢাপকৈ। জ্যেষ্ঠ অধিবক্তাৰ লগতে ৪১বছৰৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই ভাৰতৰ চলিছিটৰ জেনেৰেল হিচাপে নিযুক্তি দিছিল ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ক। তাৰ পাছৰ পৰাই যাত্ৰা আৰম্ভ হৈছিল সৰ্বোচ্চ ন্যায়ালয়ৰ সৰ্বোচ্চ আসনত অধিষ্ঠিত হোৱাৰ। ২০১৬চনত ন্যয়াধীশ হিচাপে উচ্চতম ন্যায়ালয়ত যোগদান কৰাৰ পাছতে ২০২২চনত মুখ্য ন্যায়াধীশৰ আসন শুৱনি কৰিবলৈ সক্ষম হৈছিল। মুখ্য ন্যায়াধীশৰ দায়িত্ব পালন কৰালৈকে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ১২৭৫খন গুৰুত্বপূৰ্ণ বিচাৰপীঠৰ অংশ আছিল। উচ্চতম ন্যায়ালয়ৰ ৮বছৰীয়া কাৰ্যকালত ৬০০টা গুৰুত্বপূৰ্ণ ৰায়দান কৰিছিল তেওঁ। ২০১৮চনত উচ্চতম ন্যায়ালয়ত আধাৰ ৰায়দানত বিৰোধিতা কৰা একমাত্ৰ ন্যায়াধীশ আছিল তেখেত। ২০১৮ চনৰ ৬ ছেপ্তেম্বৰত দিয়া আন এটি গুৰুত্বপূৰ্ণ বিষয়ৰ সবৰীমালা ৰায়দানেও তেখেতৰ ব্যক্তিত্ব আৰু কাৰ্যক বহুখিনি উজ্বলতা প্ৰদান কৰে। একেটা মাহতে প্ৰাপ্তবয়স্ক লোকৰ মাজত সমলিংগৰ অধিকাৰক অপৰাধমুক্ত বুলি দিয়া ৰায় দিয়া বিচাৰপীঠৰ অন্যতম অংশ আছিল।উচ্চতম ন্যায়ালয়ৰ সৰ্বসন্মতিক্ৰমে পাঁচজন ন্যায়াধীশৰ বিচাৰপীঠে সেই সময়ৰ ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৭আংশিকভাৱে বাতিল কৰে। যিটো বিগত ১৫৮বছৰ ধৰি ভাৰতীয় সংবিধান অনুসৰি প্ৰাপ্তবয়স্কৰ মাজত সমলিংগৰ মাজত হোৱা সম্পৰ্কক অপৰাধ হিচাপে গণ্য কৰি আহিছিল। ২০১৯ চনৰ নৱেম্বৰ মাহত ঐতিহাসিক ৰাম জন্মভূমিৰ ৰায়দানৰ বিচাৰপীঠৰৰ পৰা কেইটাও গুৰুত্বপূৰ্ণ বহুবিবাদিত বিষয়ৰ বিচাৰপীঠৰ অংশ আছিল ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়। ভাৰতীয় সংবিধানৰ ২১নং অনুচ্ছেদৰ অধিনত গোপনীয়তাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে ২০১৭ চনৰ আগষ্ট মাহত ৰায়দান কৰা উচ্চতম ন্যায়ালয়ৰ ৯জনীয়া বিচাৰপীঠৰো অন্যতম অংশ আছিল তেওঁ। একেদৰে ২০২৪চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক ক্ষেত্ৰত ইলেক্ট্ৰৰেল বণ্ডৰ বাতিল কৰি যুগান্তকাৰী ৰায় দিছিল। ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত পাঁচজনীয়া বিচাৰপীঠে সৰ্বসন্মতিক্ৰমে বাতিল কৰে ২০১৮চনৰ ইলেক্ট্ৰৰেল বণ্ড আঁচনি। যাৰ ফলত সমগ্ৰ দেশত ৰাজনৈতিক ধুমুহাই জোকাৰি গৈছিল ইলেক্ট্ৰৰেল বণ্ডৰ কাহিনীয়ে। ৰাজনৈতিক দলসমূহক যোগান ধৰা পূজিৰ সবিশেষ পোহৰলৈ আনিবলৈ বাধ্য হৈছিল চৰকাৰ। ভাৰতীয় ষ্টেট বেংকে পূজি যোগান ধৰা ব্যক্তি, প্ৰতিষ্ঠানৰ তথ্য দিবলৈ বাধ্য হৈছিল।