টীয়কৰ ৰজাবাৰীৰ প্ৰতিভাসম্পন্ন যুৱতী মধুস্মিতাৰ মৃত্যুৰ আঁৰৰ ৰহস্য কি? প্ৰকৃততে হত্যা কৰা হ’ল নেকি যুৱতীগৰাকীক? আৰক্ষীৰ তদন্তত অসন্তুষ্ট পৰিয়ালটোৱে বিচাৰিছে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ। কেনেকৈ মৃত্যু হ’ল মধুস্মিতাৰ? যদি হত্যা, তেন্তে কোনে হত্যা কৰিলে যুৱতীগৰাকীক? ‘প্ৰেমিক’ পংকজ গগৈৰ ওপৰত সন্দেহ পৰিয়ালৰ। আৰক্ষীৰ তদন্তত সন্তুষ্ট নহয় যুৱতীগৰাকীৰ পৰিয়াল-আত্মীয়। DGP, আৰক্ষী অধীক্ষকৰ লগতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী।
৬ দিনে সন্ধানহীন হৈ থকা মধুস্মিতা বৰুৱাৰ মৃতদেহ চেঁচা নৈত উদ্ধাৰ হোৱাৰ পিছৰে পৰা শোকাকুল পৰিৱেশে বিৰাজ কৰি আছে টীয়কৰ ৰজাবাৰীত। ডিব্ৰুগড়ৰ এটা বহুজাতিক টেলিকম কোম্পানীত চাকৰি কৰিছিল ২৪ বছৰীয়া যুৱতীগৰাকীয়ে। সোমবাৰে চাকৰিৰ পদোন্নতি হোৱাৰ কথা আছিল যদিও তাৰ পূৰ্বে যুৱতীগৰাকীৰ নিথৰ দেহ ওলাল চেঁচা নৈৰ বুকুত। প্ৰতিভাৱান যুৱতীগৰাকীৰ মৃত্যু সহজভাৱে মানি ল’ব পৰা নাই পৰিয়াল, আত্মীয় আৰু গাঁওবাসীয়ে। গাঁওবাসীৰ বাবে অতি মৰমীয়াল আছিল যুৱতীগৰাকী। আৰক্ষীয়ে সঠিক তদন্ত নকৰাৰ অভিযোগ পৰিয়াল আৰু আত্মীয়ৰ।
মধুস্মিতা বৰুৱাৰ মৃত্যুৰ সৈতে সাঙোৰ খাইছে মধুস্মিতাৰ প্ৰেমিক পংকজ গগৈৰ নাম। পৰিয়ালৰ মতে চৰম সিদ্ধান্ত লোৱা নাই যুৱতীগৰাকীয়ে। মধুস্মিতাক পংকজ গগৈয়ে হত্যা কৰাৰ সন্দেহ পৰিয়াল আৰু আত্মীয়ৰ। পৰিয়ালে জিলা আৰক্ষী অধীক্ষক আৰু DGPক ঘটনাৰ উচিত তদন্ত কৰাৰ বাবে জনাইছে অনুৰোধ। বৰবৰুৱা আৰক্ষীৰ তদন্তত অসন্তুষ্ট পৰিয়ালটোৱে তদন্ত প্ৰক্ৰিয়াত বিচাৰিছে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপো।