চামগুৰিত সাংবাদিকৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত উত্তপ্ত হৈ পৰিছে চামগুৰিৰ নিৰ্বাচনী প্ৰেক্ষাপট। আক্ৰমণ-প্ৰত্যাক্ৰমণত লিপ্ত হৈছে বিজেপি-কংগ্ৰেছৰ কৰ্মী-সমৰ্থক।
এই ঘটনাৰ পাছত শেহতীয়াকৈ এতিয়া ৰকিবুল হুছেইনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। ৰূপহীহাট আৰক্ষী থানাত ৩৭৮/২৪ নম্বৰত গোচৰ ৰুজু কৰা হৈছে সাংসদগৰাকীৰ বিৰুদ্ধে। ভাৰতীয় ন্যায় সংহিতাৰ ৪৯/১৩১/৩২৪(৪)/৩২৪(৫)/১০৯/৩(৫) ধাৰাত গোচৰ ৰুজু হৈছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীৰ বিৰুদ্ধে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক ৰাইহান উদ্দিন আৰু ধুবুৰীৰ কংগ্ৰেছ নেতা জেহিৰুল ইছলামৰ বিৰুদ্ধেও ৰুজু হৈছে গোচৰ।
ইতিমধ্যে, সাংবাদিক আক্ৰমণত জড়িত গুণ্ডাক চিনাক্ত কৰা হৈছে। NEWS18 অসম NORTH EASTৰ সাংবাদিক নীলোৎপল বৰাক কৰা আক্ৰমণত জড়িত গুণ্ডাক চিনাক্ত কৰা হৈছে। কংগ্ৰেছ নেতা মফিদুল ইছলাম, ফাৰুক আহমেদে কৰিছিল প্ৰহাৰ। আমিৰ উদ্দিন আৰু তাহেৰ উদ্দিনে কৰিছিল সাংবাদিকক প্ৰহাৰ। ফাৰুক আহমেদ লাওখোৱা ব্লক যুৱ কংগ্ৰেছৰ সভাপতি। বিধায়ক জিতু গোস্বামীৰ বাহনতো আক্ৰমণ কৰিছিল এইকেইটা দুৰ্বৃত্তই। ৰূপহীহাট আৰক্ষীয়ে অভিযুক্ত গুণ্ডাকেইটাক বিচাৰি চলাই আছে অভিযান।