একালৰ চামগুৰিৰ ৰজা আজি ক্লান্ত। বহু ৰণৰ ঘোৰা আজি ভাগৰুৱা। দুখে-ভাগৰে হেঁচা মাৰি ধৰা ৰকিবুল হুছেইনে হতাশ হৈ বহি পৰিছে চামগুৰিৰ ৰাজপথত। আৰক্ষীৰে পৰিবেষ্টিত হৈ থকাৰ পাছতো ৰকিবুল হুছেইনে লুকুৱাব পৰা নাই আতংক। মনৰ ভয় মুখত ধৰা পৰিছে ৰকিবুল হুছেইনৰ।
দুটা দশক ধৰি দপদপাই ফুৰা চামগুৰিত এজন আৰক্ষী বিষয়াৰ সঁহাৰি পাবলৈ অপেক্ষা কৰিব লগা হৈছে ৰকিবুল হুছেইনে। চামগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী তথা পুত্ৰ তানজিল হুছেইনৰ গাড়ী ভাঙি লণ্ড ভণ্ড কৰা ঘটনাৰ সুবিচাৰ বিচাৰি চামগুৰি আৰক্ষী নিৱেশ সন্মূখত প্ৰতিবাদত বহিব লগা হৈছে ৰকিবুল হুছেইনে। হতাশ হৈ ৰাজপথত নেতা বহি পৰাৰ খবৰ পাই ঢপলিয়াই আহিল একাংশ কংগ্ৰেছী সমৰ্থক। তানজিল হুছেইনৰ গাড়ী ভঙা কাণ্ডৰ তদন্ত বিচাৰি প্ৰতিবাদত বহিল কংগ্ৰেছ কৰ্মীৰ দলটো।সেই ঠাইতে NEWS18 ৰ সাংবাদিক কংগ্ৰেছী গুণ্ডাই আক্ৰমণ কৰা ঘটনাৰ বিৰোধিতাৰে পুৱাৰে পৰা প্ৰতিবাদ চলাই আছে সাংবাদিকসকলে। নিশা টাৰ্গেট কৰা সাংবাদিকক সন্মুখত দেখি লাজে অপমানে ক’ব নোৱৰা হ’ল ৰকিবুল হুছেইন। তেনেতে সেই ঠাইত উপস্থিত হ’ল এদল বিজেপি কৰ্মী।
সন্মুখত ৰকিবুল হুছেইক দেখি গঁড় হত্যাকে ধৰি পূৰ্বৰ গুণ্ডাগিৰিৰ কথা সোঁৱৰাই দিলে বিজেপি সমৰ্থকে। এফালে বিজেপি সমৰ্থকৰ শ্ল’গান আনফালে কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ, মাজত ৰকিবুল হুছেইন। পাছে বহুসময় ধৰি কোনো এটা পক্ষই সেঁও নমনাত লেতুসেতু হৈ দিলে ৰকিবুল হুছেইনে। গেলাতে টেঙা পাই হাত জোৰ কৰিব লগা হ’ল বিজেপি সমৰ্থকক। অসহায় হৈ বিজেপি সমৰ্থক লৈ ৱেভ কৰি গাড়ীত উঠি পলায়ন কৰিলে নিজকে চামগুৰিৰ ৰজা জ্ঞান কৰা ৰকিবুল হুছেইনে।