Assam Elections : উপ-নিৰ্বাচনত অনাকাংক্ষিত অভিলেখ চামগুৰিৰ!


 

উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত চামগুৰিত চলিছে গুণ্ডাৰাজ। নিৰ্বাচনী প্ৰচাৰত লাগিছে সংঘাত। নিৰ্বাচনত উত্তৰ ভাৰতৰ বাহুবলীৰ দৰেই চামগুৰিত দপদপাই ফুৰিছে গুণ্ডাবাহিনী। গাড়ী-বাইক ভঙা আৰু মাৰপিট সাধাৰণ ঘটনাত পৰিণত হোৱা চামগুৰিত বিধায়কৰ গাড়ীলৈ কংগ্ৰেছী নেতাই গুলীচলোৱাৰ অভিযোগ উত্থাপন হৈছে।চামগুৰিৰ মৰিপুঠিখাইতীৰ প্ৰচাৰকালত ইছমাইল হুছেইন নামৰ এজন কংগ্ৰেছী কাউঞ্চিলাৰে ৩ জাঁই গুলী চলোৱাৰ অভিযোগ বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীৰ। বিধায়ক জিতু গোস্বামীৰ অভিযোগ পোৱা মাত্ৰেই ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰিলে নগাঁৱৰ আৰক্ষী অধীক্ষকে। তদন্তকালত ইছমাইল হুছেইনৰ গুলীবিদ্ধ হোৱা পুত্ৰক আটক কৰি চিকিৎসাৰ ব্যৱস্থা কৰিলে আৰক্ষীয়ে। তেতিয়াই ঘটনাস্থলীত উপস্থিত হ’ল বিহালী সমষ্টিত প্ৰচাৰ চলাই থকা ৰকিবুল হুছেইন।


লগে লগে ঘটনাৰ গতিগোত্ৰ সলাই পেলালে দুই দশকধৰি চামগুৰি সমষ্টিক দখল কৰি ৰখা ৰকিবুল হুছেইনে। ইছমাইল হুছেইনৰ ঘৰত বিজেপি নেতা সুৰেশ বৰাৰ লগতে কাছেম আৰু ৰছিদুল নামৰ দুজনৰ বিৰুদ্ধে গুলীচালনাৰ অভিযোগ তুলি হিংসাক প্ৰৰোচিত কৰাৰ চেষ্টা ৰকিবুল হুছেইনৰ। অৱশ্যে ৰকিবুল হুছেইনে ঘটনাক ইউ টাৰ্ণ দিয়াৰ পূৰ্বে নগাঁৱৰ আৰক্ষী অধীক্ষকে ইছমাইল হুছেইনৰ ঘৰত অভিযান চলাই জব্দ কৰিলে চোকা অস্ত্ৰৰ লগতে ৰড আৰু লাঠী। নিৰ্বাচনী প্ৰচাৰৰ সময়ত কংগ্ৰেছ কাৰ্যালয়ৰ লগতে নেতাৰ ঘৰত দা, ৰড, লাঠি উদ্ধাৰ হোৱা ঘটনাই উদঙাই দিছে চামগুৰিৰ ৰেহ-ৰূপ।

দিন বাগৰাৰ লগতে বাঢ়িছে ১৫ অক্টোবৰত ৰূপহীহাটৰ বৰতলত আৰম্ভ হোৱা চামগুৰিৰ নিৰ্বাচনী সংঘাত। গাড়ী, বাইক ভঙা, মাৰপিট কৰা আদি সাধাৰণ কথা হৈ পৰিছে ৰকিবুল হুছেইনৰ চামগুৰিত। চামগুৰিৰ নিৰ্বাচনী হিংসাত মৃত্যুবৰণ কৰিছে বাজিয়াগাঁৱৰ বিপুল শইকীয়া নামৰ বিজেপি কৰ্মীগৰাকীয়ে। শনিবাৰে নিশা মৰিপুঠিখাইতীত গুলীচলানাৰ পাছত লাওখোৱাৰ ৬নং বগামুখত বিজেপি কৰ্মীৰ গাড়ীৰ লগতে এখন স্কুটি ভাঙি লণ্ডভণ্ড কৰিলে কংগ্ৰেছ কৰ্মীয়ে। শনিবাৰে মৰিপুঠিখাইতী আৰু লাওখোৱাৰ ৬নং বগামুখৰ হিংসাত্মক ঘটনাৰ পাছত দেওবাৰে পুৱা উদমাৰীত দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে ৰকিবুল পুত্ৰ তথা কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ গাড়ী। আনফালে নিৰ্বাচনী প্ৰচাৰত ৰকিবুল হুছেইনক নিষিদ্ধ কৰিলেই চামগুৰিলৈ শান্তি উভতি আহিব বুলি দাবী কৰিছে বিজেপিয়ে। সেই আৰ্জি লৈ ইতিমধ্যে মন্ত্ৰী বিমল বৰাৰ নেতৃত্বত নিৰ্বাচনী আয়োগৰ কাষ চাপে বিজেপিৰ একাধিক নেতা-কৰ্মী। সোমবাৰে বিয়লি ৪ বজাত সামৰণি পৰিবলগীয়া নিৰ্বাচনী প্ৰচাৰৰ পূৰ্বে চামগুৰিত শান্তিৰ পৰিবেশ উভতি অহাৰ কামনাৰে X হেণ্ডেলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Post a Comment

Previous Post Next Post