দেওবাৰে পুৱাই যোৰহাটৰ মাজমজিয়াৰ এ টি ৰোডৰ নিৰ্মল চাৰিআলিত সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। তেজেৰে ৰাঙলী হৈ পৰিল যোৰহাটৰ মাজমজিয়াৰ এ টি ৰোডৰ নিৰ্মল চাৰিআলি। তেতিয়া পুৱা প্ৰায় ৬ বাজিছিল। জুনু বেগম নামৰ মহিলাগৰাকীয়ে স্কুটীখন লৈ উলাই আহিছিল। স্কুটীখন পিছফালে আছিল অন্য এগৰাকী মহিলা। মাজত এটি শিশু। পুৱাৰ সময়। ভিৰ নাই। লাহে-লাহে আগবাঢ়িল স্কুটীখন। এ টি ৰোডৰ নিৰ্মল চাৰিআলি পাইছিলহে মাত্ৰ
হঠাৎ বিপৰীত দিশৰ পৰা ভুল পথেৰে আহি বাছ এখনে সন্মুখৰ পৰা মহটিয়াই নিলে স্কুটীসহ আহোৰীক। শিৱসাগৰৰ দিশৰ পৰা অহা অমৰনাথ বাছখনে মহটিয়াই নিলে স্কুটীখন। ভয়ংকৰ পথ দুৰ্ঘটনাটোত থিতাতে প্ৰাণ হ’ল জুনু বেগম নামৰ মহিলাগৰাকীৰ।
বাছখনৰ খুন্দাত সম্পূৰ্ণৰূপে ধ্বংস হয় স্কুটীখন। ভয়ংকৰ পথ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত আন দুগৰাকী মহিলাসহ এটি শিশু। আহত আটাইকেইজনকে অতি সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি। দুৰ্ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি। স্থানীয় ৰাইজে আৱদ্ধ কৰি ৰাখে বাছখন। পৰৱৰ্তী সময়ত ঘটনাস্থলীত যোৰহাট আৰক্ষী উপস্থিত গৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আটক কৰে দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ চালকজনক। যোৰহাট নগৰৰ নিৰ্মল চাৰিআলিত পথত ডিভাইডাৰ থকাৰ পিছতো কিয় বাছখন ভুল দিশেৰে আহিছিল সেয়া স্পষ্ট হোৱা নাই। ঘটনা সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
উল্লেখ্য যে যোৰহাট নগৰত পুৱাৰ ভাগত বৰুৱা চাৰিআলিৰ পৰা ডিমাপুৰ , তেজপুৰ , ডিব্ৰুগড় আদি ঠাইলৈ যোৱা একাংশ বাছ টাউনৰ মাজেৰে তীব্ৰ বেগত চলাই নিয়াৰ ফলত দৈনিক দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা বৃদ্ধি পাই আহিছে। বিদ্যালয়লৈ যাবৰ বাবে বহু ছাত্ৰ-ছাত্ৰী এই সময়চোৱাত এ টি ৰোডেৰে যাতায়ত কৰে। তেনে অৱস্থাত এই দ্ৰুতবেগী বছবোৰক নাকী লগাবলৈ যোৰহাট প্ৰশাসনক দাবী জনাইছে যোৰহাটবাসীয়ে।