বৈদুৰ্য বৰুৱাৰ উপন্যাসৰ এটি জনপ্ৰিয় চৰিত্ৰ চেণ্টুদা আৰু নাই। জনপ্ৰিয় আলোচনী ‘বিস্ময়’ৰ এটি জনপ্ৰিয় চৰিত্ৰ আছিল চেণ্টুদা। দীৰ্ঘদিনে অসুস্থ হৈ আছিল সকলো পাঠকৰে প্ৰিয় চৰিত্ৰ চেণ্টুদা। ৰক্তহীনতা, হাপানিকে ধৰি কেইবাটাও ৰোগত আক্ৰান্ত হৈ আছিল চেণ্টু দা।
জনপ্ৰিয় আলোচনী পাত লুটিয়ালে প্ৰতিগৰাকী পাঠকৰ মনলৈ আহিছিল চেণ্টুদাৰ কথা। কল্পনা আৰু বাস্তৱৰ সংমিশ্ৰণ ঘটাই অনন্য সৃষ্টি আছিল চেণ্টু দা। বিগত জানুৱাৰী মাহতো অসুস্থ হৈ তিনিচুকীয়াৰ এখন ব্যক্তি হাস্পতালত চিকিৎসাধীন হৈছিল চেণ্টু দা। দীৰ্ঘদিনে তিনিচুকীয়াৰ GNB ৰোডত এখন চাহ-পুৰীৰ হোটেল দি জীৱন নিৰ্বাহ কৰিছিল চেণ্টুদাই। তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে চেণ্টু দাই।