Gyandeep Hazarika Case : ১৮ দিনৰ ভিতৰত গুৱাহাটীৰ ৰাজপথত দুবাৰ ‘দাদাগিৰি’ ভাৰ্গৱ বৰবৰাৰ


 

ফাঁচীবজাৰত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ দাদাগিৰি, কুৰিয়াৰ চাৰ্ভিছত কাম কৰা কটনৰ ছাত্ৰক প্ৰহাৰ, আইন হাতত তুলি লোৱা আৰক্ষী বিষয়াক নিলম্বন। ৩০ অক্টোবৰৰ দিনা দীঘলীপুখুৰীৰ পাৰত গছ কটাৰ বিৰোধিতাৰে প্ৰতিবাদত বহা ছাত্ৰ ছাত্ৰীৰ ওপৰত বীৰত্ব দেখুওৱা ভাৰ্গব বৰবৰাই এখোপ চেৰাই গ’ল শুকুৰবাৰে সন্ধিয়া।

ফাঁচীবজাৰত ন’ এণ্ট্ৰিৰে যোৱা জ্ঞানদ্বীপ হাজৰিকা নামৰ Delhivery.com ত কৰ্মৰত কটন কলেজৰ ছাত্ৰজনক মাৰধৰ কৰি পুনৰবাৰ কুখ্যাতি আৰ্জিলে আৰক্ষী বিষয়াগৰাকীয়ে। পাছে এইবাৰ ভাৰ্গব বৰবৰাৰ কাণ্ড বন্দী হ’ল প্ৰণিতা তালুকদাৰ নামৰ এই মহিলাগৰাকীৰ ম’বাইলত। ছ’চিয়েল মিডিয়াত সেই দৃশ্য এৰি দিয়াৰ পাছতে বহুজনৰ ৰোষত পৰিল আৰক্ষী বিষয়া ভাৰ্গব বৰবৰা। প্ৰণিতা তালুকদাৰৰ ম’বাইলত বন্দী হোৱা সেই দৃশ্যৰ আধাৰতে শুকুৰবাৰে নিশাই আৰক্ষী বিষয়া ভাৰ্গব বৰবৰাৰ নিলম্বনৰ নিৰ্দেশ দিলে আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে।


গছ কটাৰ বিৰোধিতা কৰা আন্দোলকাৰীৰ ওপৰত বল প্ৰয়োগ আৰু জ্ঞানদ্বীপ হাজৰিকাক প্ৰহাৰ কৰাই নহয়, সুবিধা পালেই ৰাজহুৱা স্থানত ভাৰ্গব বৰবৰাই দাদাগিৰি চলোৱাৰ অভিযোগ প্ৰত্যক্ষদৰ্শী প্ৰণিতা তালুকদাৰৰ। সুবিধা পালেই গাড়ীচালক, ৰিক্সাচালকক চৰটো, গোৰটো শোধাই বীৰত্ব দেখুওৱা ভাৰ্গব বৰবৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যবাসী। খাকী পোছাক পিন্ধাৰ পিছত গুৰুগোঁসাই নমনা হোৱা ভাৰ্গব বৰবৰাক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহাৰ দাবী বহুজনৰ।শুকুৰবাৰে সন্ধিয়া ৬.৩০ বজাত ফাঁচীবজাৰৰ ৰাজপথত জ্ঞানদ্বীপ হাজৰিকাক মাৰধৰ কৰিলে ভাৰ্গব বৰবৰাই। ৬.৩০ বজাত বৰবৰাৰ মাৰ খোৱা জ্ঞানদ্বীপক মাজ নিশাহে মোকোলাই দিলে আৰক্ষীয়ে। ভাৰ্গব বৰবৰাই টাৰ্গেট কৰা জ্ঞানদ্বীপৰ দেউতাকে চাকৰি কৰিছিল অসম আৰক্ষীত। ২০১১ চনত দেউতাকৰ মৃত্যুৰ পাছত সদ্যহতে অসম আৰক্ষীৰ চাকৰিয়াল হৈ আছে মাতৃও।

পিতৃ-মাতৃ দুয়ো আৰক্ষীৰ লোক হোৱা বাবেই মাৰ খোৱাৰ পাছতো ভাৰ্গব বৰবৰাৰ বিৰুদ্ধে বিশেষ ক্ষোভ দেখুওৱা নাছিল জ্ঞানদ্বীপ হাজৰিকাই। ভুক্তভোগী জ্ঞানদ্বীপে গ’ল কথা গুচিল মনোভাৱ লোৱাৰ পাছতো কিন্তু ক্ষোভ আঁতৰা নাই ৰাজ্যৰ ছাত্ৰসমাজৰ। শুকুৰবাৰে নিশাৰ ঘটনাক লৈ শনিবাৰেও উত্তপ্ত হৈ থাকিল কটন কলেজ। এই প্ৰতিবাদৰ পাছত বিয়লিৰ ভাগলৈ পাণবজাৰ থানাত OC ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে খোদ জ্ঞানদ্বীপ হাজৰিকাই।

Post a Comment

Previous Post Next Post