যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা আছু নেতাৰ, এজাহাৰ দাখিলৰ পিছতে বহিষ্কাৰ ছাত্ৰ নেতাজনক



 শংকৰজ্যোতিৰ পিছত অবিনাশ। এইবাৰ শোণিতপুৰ জিলা আছুক কঁপাইছে যুৱতীক নিৰ্যাতনৰ ঘটনাই। প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে এগৰাকী যুৱতীৰ অভিযোগে তোলপাৰ লগাইছিল আছুত। বিষয়টোক লৈ সৃষ্টি হৈছিল তীব্ৰ বিৰ্তকৰ। যাৰ বাবে সাধাৰণ সম্পাদকৰ পদৰ পৰা অব্যাহতি ল’ব লগা হৈছিল শংকৰজ্যোতি বৰুৱাই।

এইবাৰ শোণিতপুৰ জিলা আছুক কলুষিত কৰিলে অবিনাশ বৰাই। অভিযুক্ত ছাত্ৰ নেতাজন শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক। দৰিদ্ৰ পৰিয়ালৰ এগৰাকী যুৱতীক অপকৰ্ম কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে ছাত্ৰ নেতা অবিনাশ বৰাৰ বিৰুদ্ধে। যুৱতী গৰাকীয়ে কান্দি কান্দি ভগ্নীক ফোন কৰাৰ পিছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা।

অবিনাশ বৰাৰ ৰেষ্টুৰেণ্টৰ কৰ্মচাৰী আছিল অভিযোগকাৰী যুৱতীগৰাকী। বুধবাৰে নিশা এ এছ ১২ নামৰ ৰেষ্টুৰেণ্টখনত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি শালীনতা হানিৰ চেষ্টা চলাইছিল অভিযুক্ত আছু নেতাজনে৷ ইফালে ভুক্তভোগী যুৱতীগৰাকীয়ে অভিযুক্ত ছাত্ৰ নেতাজনৰ বিৰুদ্ধে ৰঙাপৰা আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।

কিন্তু ৰঙাপৰা আৰক্ষীয়ে ঘটনাটো কৌশলেৰে গাপ দিবলৈ চেষ্টা চলোৱাৰ অভিযোগ উঠিছিল। যাৰ বাবে অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী তুলি ৰঙাপৰা আৰক্ষী থানাৰ লগতে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকে। ইয়াৰ পিছতে যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে অবিনাশ বৰাক।

ৰাইজৰ দাবীত আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰিবলৈ বাধ্য হয় আছু নেতা গৰাকীৰ বিৰুদ্ধে। আছুৰ জিলা সমিতিৰ দায়িত্বত থকা নেতা গৰাকীক কঠোৰ শাস্তি প্ৰদানৰ দাবী ৰাইজৰ ৷ ইতিমধ্যে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ পৰা বহিস্কাৰ কৰা হৈছে অবিনাশ বৰাক।

Post a Comment

Previous Post Next Post