কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মাজত অষ্টম বেতন আয়োগ গঠনক লৈ দাবী চলি আহিছে। সপ্তম বেতন আয়োগ কাৰ্যকৰী কৰাৰ ৯ বছৰ হৈ গৈছে আৰু এতিয়া নতুন বেতন আয়োগ গঠনৰ চৰ্চা তুংগত উঠিছে। সপ্তম বেতন আয়োগ গঠন হৈছিল ২০১৪ চনৰ ফেব্ৰুৱাৰীত তদানীন্তন মনমোহন সিং চৰকাৰৰ দিনত। ইয়াৰ পৰামৰ্শসমূহ ২০১৬ চনৰ জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছিল। এই আয়োগে ২০২৬ৰ জানুৱাৰীত ১০ বছৰ সম্পূৰ্ণ কৰিব। যদি বিগত বৰ্ষসমূহৰ অভিলেখ চোৱা যায়, তেন্তে প্ৰতি ১০ বছৰত নতুন বেতন আয়োগ গঠন কৰা হয়। কিন্তু অষ্টম বেতন আয়োগ গঠনৰ ক্ষেত্ৰত বিলম্ব হৈ আছে।
নতুন বেতন আয়োগ আহিলে কি লাভ হ’ব?
বেতন আয়োগ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চনত সংধোনীৰ দায়িত্বত থাকে। সকলো পক্ষৰ সৈতে আলোচনা কৰি আয়োগে চৰকাৰক পৰামৰ্শ আগবঢ়ায়। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, শীঘ্ৰে গঠন হ’ব অষ্টম বেতন আয়োগক।
ফিটমেণ্ট ফেক্টৰৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা
কৰ্মচাৰীসকলৰ বেতন বৃদ্ধিৰ বাবে ফিটমেণ্ট ফেক্টৰ ব্যৱহাৰ কৰা হয়। সপ্তম বেতন আয়োগত ফিটমেণ্ট ফেক্টৰ ২.৫৭ ৰখা হৈছিল, যাৰ ফলত ন্যূনতম বেতন ৭,০০০ টকাৰ পৰা বৃদ্ধি হৈ ১৮,০০০ টকা হৈছিল। অষ্টম বেতন আয়োগত ফিটমেণ্ট ফেক্টৰ ২.৮৬ হোৱাৰ আশা কৰা হৈছে। যদি এয়া কাৰ্যকৰী হয়, তেন্তে ন্যূনতম বেতন ১৮,০০০ টকাৰ পৰা বৃদ্ধি হৈ ৫১,৪৮০ টকা হ’ব। সেইদৰে পেঞ্চন ৯,০০০ টকাৰ পৰা বৃদ্ধি হৈ ২৫,৭৪০ টকা হ’ব পাৰে।
কৰ্মচাৰী সংগঠনৰ দাবী
নেচনেল কাউন্সিল অব জইণ্ট কনচাল্টেটিভ মেচিনেৰীয়ে (NC-JCM) বিত্ত সচিব তুহিন কান্ত পাণ্ডেক সাক্ষাৎ কৰি অষ্টম বেতন আয়োগ শীঘ্ৰে গঠন কৰাৰ দাবী জনাইছে। এই সংস্থাটোৱে দুখন স্মাৰকপত্ৰ দাখিল কৰিছে। প্ৰথমখন ২০২৪ চনৰ জুলাইত তৎকালীন কেবিনেট সচিব ৰাজীৱ গৌবাক আৰু দ্বিতীয়খন ২০২৪ চনৰ আগষ্টত তেওঁৰ উত্তৰাধিকাৰী টিভি সোমনাথনক অৰ্পণ কৰিছিল।
চৰকাৰী ঘোষণাৰ অপেক্ষা
২০২৪-২৫ৰ কেন্দ্ৰীয় বাজেটৰ পূৰ্বে অনুমান কৰা হৈছিল যে চৰকাৰে অষ্টম বেতন আয়োগ ঘোষণা কৰিব পাৰে। কিন্তু এতিয়ালৈ কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই।