চামগুৰিত গুলীচালনা। বিধায়ক জিতু গোস্বামীৰ বাহনলৈ গুলীচালনা। মৰিপুঠিখাইটিত সংঘটিত এই ঘটনা। জিতু গোস্বামীলৈ ৩ জাঁই গুলীচালনা কৰে। ইছমাইল হুছেইন নামৰ কংগ্ৰেছৰ কাউন্সিলাৰে গুলীয়াইছিল জিতু গোস্বামীলৈ। মাগুৰমাৰীৰ পৰা লটানি চাপৰিলৈ আছিল বিজেপিৰ ৰেলী। আনহাতে জিতু গোস্বামীৰ সৈতে আছিল সুৰেশ বৰাও।
মৰিপুঠিখাইটি পোৱাৰ সময়তে ইছমাইল হুছেইনে নিজৰ ঘৰৰ ভিতৰৰ পৰা গুলী চালনা কৰে। ইছমাইল হুছেইন মৰিপুঠিখাইটিৰ প্ৰভাৱশালী কংগ্ৰেছ নেতা। ইছমাইলৰ বাহিৰে গাঁওখনৰ সকলোৱেই বিজেপিত যোগদান কৰিছিল। বৰ্তমান ইছমাইল হুছেইনক ঘৰতে আৱদ্ধ কৰি ৰাখিছে বহু সংখ্যালঘুৰ বিজেপিৰ লোকে। ঘটনাস্থলীত সৃষ্টি হৈছে এতিয়া উত্তপ্ত পৰিস্থিতি। আক্ৰমণকাৰীক গ্ৰেপ্তাৰ দাবী উত্তেজিত হাজাৰ-হাজাৰ লোকৰ।