চাৰি বছৰত চাৰিটাকৈ বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাই বিধ্বস্ত কৰিলে যোৰহাট নগৰৰ এক বৃহৎ এলেকা। কিন্তু বিগত চাৰি বছৰত চৰকাৰৰ প্ৰতিনিধিসকলে এনে ঘটনা প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰিব লগা পদক্ষেপসমূহৰ ক্ষেত্ৰত কেৱল প্ৰতিশ্ৰুতিহে দিলে, কাৰ্যক্ষেত্ৰত একো নকৰিলে। শুকুৰবাৰে নিশা সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান জুইত জাহ যোৱাৰ লগতে এজন লোকৰ মৃত্যু হয়। ক্ষতি হয় কেইবাটাও ভৱনৰ। বিগত চাৰি বছৰত যোৰহাট নগৰৰ নিৰ্মল চাৰিআলিৰ পৰা ভোগদৈ দলঙৰ মাজত এ টি ৰোডৰ কাষত থকা ব্যৱসায়িক অঞ্চলটোত সংঘটিত এইটো তৃতীয়টো বৃহৎ অগ্নিকাণ্ডৰ ঘটনা।
চাৰি বছৰত চাৰিটাকৈ বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে যোৰহাট নগৰত। ২০২০ চনৰ আগষ্ট মাহত এ টি ৰোডৰ কাষৰ সিংঘী স্কুটাৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত দুজনকৈ লোকৰ মৃত্যু হৈছিল। ২০২২ চনৰ ডিচেম্বৰত নগৰৰ মাৰোৱাৰী পট্টিৰ সমীপত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত জাহ গৈছিল কেইবা কোটি টকাৰ সম্পত্তিসহ বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠান। ইয়াৰ পাছত ২০২৩ চনৰ ফেব্ৰুৱাৰীত সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত ধ্বংসস্তুপত পৰিণত হৈছিল যোৰহাটৰ ঐতিহাসিক চ’কবজাৰ। য’ত নিমিষতে ছাই হৈছিল ডেৰ শতাধিক সৰু-বৰ দোকান। আৰু শেহতীয়াকৈ ২০২৪ৰ ১ নৱেম্বৰৰ নিশা প্ৰায় ১১ঃ৩০ বজাত সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত জাহ যায় যোৰহাট নগৰৰ ভোগদৈ দলঙৰ সমীপত এ টি ৰোডৰ কাষত থকা তিনিখন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বিস্তৰ ক্ষতিসাধন হয় কেইবাটাও ভৱনৰ। এই আটাইকেইটা অগ্নিকাণ্ডৰ ঘটনাত দেখিবলৈ পোৱা গৈছিল জুই লগা স্থানসমূহত অগ্নি নিৰ্বাপনৰ সু-ব্যৱস্থা নথকা তথা অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ বাবে সুচল পথ নথকাত বহু অসুবিধাৰ সন্মুখীন হৈছিল। আনহাতে যোৰহাটত ওখ অট্টালিকাত জুই লাগিলে নিৰ্বাপনৰ বাবে অগ্নি নিৰ্বাপক বাহিনীৰ ওচৰত কোনো সুচল কৌশল নথকাটোও এটা ডাঙৰ সমস্যাৰূপে দেখা দিছে।
শুকুৰবাৰে নিশা সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত কোঠাৰ পৰা ওলাব নোৱাৰি অগ্নিদগ্ধ হৈ মৃত্যু হয় এজন লোকৰ। অগ্নিকাণ্ড সংঘটিত হোৱা এখন ব্যৱসায় প্ৰতিষ্ঠানৰ কৰ্মচাৰী সুশীল ৰায় নামৰ বিহাৰৰ লোকজনৰ মৃতদেহ শনিবাৰে পুৱা কোঠাৰ ভিতৰত উদ্ধাৰ হয়। এই লোকজনে বসবাস কৰা ভৱনটোত নাছিল ফায়াৰ এগজিটৰ কোনো ব্যৱস্থা। আনকি কোঠাটোলৈ যাবলৈ নাছিল পকী চিৰি। কাঠৰ চিৰিবোৰ জুইত জ্বলি যোৱাত প্ৰথম মহলাৰ কোঠাটোৰ ভিতৰত আবদ্ধ হৈ পৰে লোকজন। আৰু চৌদিশে জুয়ে ভয়ংকৰ ৰূপ লোৱাত কোঠাৰ ভিতৰতে কৰুণ মৃত্যুক সাবটি ল’বলগা হয় লোকজনে।
ঘটনাৰ পাছতে অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ীয়ে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখে। পাপু কুণ্ডলীয়া, ৰাজু কুণ্ডলীয়া আৰু তুলাৰাম সুন্দৰকুমাৰৰ তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান এই অগ্নিকাণ্ডত জাহ যায়। ব্যৱসায়িক প্ৰতিষ্ঠানকেইখনৰ কাষতে থকা কেইবাটাও বাসগৃহৰো অগ্নিকাণ্ডত বিস্তৰ ক্ষতিসাধন হয়। অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাৰ ফলতে এই ভৱনকেইটা ৰক্ষা পৰাৰ লগতে জুই কাষৰ বিশাল অঞ্চললৈ বিয়পি পৰাৰ পৰা ৰক্ষা পৰে। এখন গেলামাল দোকান আৰু ইয়াৰ লগতে থকা গুদামত জুই লাগি কম সময়ৰ ভিতৰতে জুয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰি অনিয়ন্ত্ৰিত হৈ পৰে। গেলামাল দোকানত থকা দাহ্য সামগ্ৰী আৰু গুদামত থকা তেলৰ কাৰ্টনসমূহৰ পৰা জুয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰি কাষৰ ঠাইলৈ বিয়পি পৰিছিল। পুৱতি নিশালৈকে অগ্নি নিৰ্বাপক বাহিনীৰ বহুকেইখন গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডত এখন গেলামালৰ পাইকাৰী দোকান, এখন পশুখাদ্যৰ দোকান, এটা সামগ্ৰীভৰ্তি গুদাম আৰু এটা ট্ৰেভেল এজেন্সী জুইত জাহ যায় আৰু কোটিৰ ঘৰত লোকচান হোৱা বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ড ক’ৰ পৰা কেনেদৰে সূত্ৰপাত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আনহাতে ব্যৱসায়িক অঞ্চলটোত ভৱনসমূহ ইটোৰ সৈতে সিটো লগালগিকৈ নিৰ্মাণ কৰাত অগ্নি নিৰ্বাপন কৰিবলৈ কোনো সুচল পথ নাছিল। অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকলে বহু কষ্ট কৰি জুই নুমুৱাবলৈ সক্ষম হয়। আৰু সমীপৰ এক বৃহৎ অঞ্চল অগ্নিকাণ্ডৰ গ্ৰাসলৈ অহাৰ পৰা ৰক্ষা পৰে।