নিলম্বিত OC ভাৰ্গৱ বৰবৰা কাণ্ডক লৈ ৰহস্যৰ গোন্ধ, কোন প্ৰভাৱশালী চক্ৰৰ হাত ভাৰ্গৱৰ মূৰত?


 

অপৰাধীৰ বিৰুদ্ধে সদা একশ্যন মুডত থকা অসম আৰক্ষীৰ এইগৰাকী বিষয়াৰ শেহতীয়া ঘটনাক্ৰমৰ নাই কোনো পাৰ্শ্ৱক্ৰিয়া। বডী ফিটিং আৰক্ষী পোছাক পিন্ধি ৰাজপথত গুণ্ডাগিৰি দেখুওৱা বৰবৰা কাণ্ডৰ চাৰিদিন উকলিল। পাছে গ্ৰেপ্তাৰতো বাদেই আজিলৈ সোধপোছৰো সন্মুখীন হোৱা নাই ভাৰ্গৱ। সদা এক্টিভ আৰক্ষী সঞ্চালক প্ৰধানৰো নাই কোনো শেহতীয়া প্ৰতিক্ৰিয়া। ক্ষমতাৰ ৰাগীত মাতাল আৰক্ষী বিষয়াগৰাকীক নিলম্বন কৰি জিপি সিঙে কৈছিল, ‘OC ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে হ’ব বিভাগীয় তদন্ত।’ কিন্তু সময় বাগৰি যোৱাৰ লগে লগে ক্ৰমে পাহৰণিৰ গৰ্ভলৈহে ভাৰ্গৱ কাণ্ডক ঠেলি দিয়াৰ অভিযোগ উঠিছে।


বৰবৰা কাণ্ডৰ পাছত পাণবজাৰ আৰক্ষী থানাতে ৰুজু কৰা হৈছিল গোচৰ। প্ৰশ্ন উঠিছে- ঘটনাটোক লৈ তদন্তকাৰী আৰক্ষী বিষয়াৰ অনীহা নে শীৰ্ষ আৰক্ষী বিষয়াৰ চাপ? সকলোৰে বাবে আইন বুলি গণ্য কৰি অহা কথাষাৰত গজিছে সন্দেহৰ বীজ। আজিলৈকে আৰম্ভ নহ’ল কোনো আইনী একশ্যন। ভাৰ্গৱ প্ৰভাৱশালী চক্ৰৰ বাবেই দিয়া হ’ল নেকি নিলম্বনৰ দৰে লঘু শাস্তি? ফাঁচী বজাৰত ডেলিভাৰী বয় জ্ঞানদীপক অন কেমেৰা কৰা নৃশংস আক্ৰমণৰ ছবি আজিও সকলোৰে মন-মগজুত। সেইসন্ধ্যাৰ বৰ্বৰোচিত ঘটনাৰ পাছতো ভাৰ্গৱ বৰবৰাক আৰক্ষীয়ে সামান্য জেৰা পৰ্যন্ত নকৰাৰ অভিযোগ উঠিছে। ৰহস্যজনকভাৱে ভুক্তভোগী জ্ঞানদীপ হাজৰিকাৰ জবানবন্দী সংগ্ৰহ কৰা নাই আৰক্ষীয়ে।

৯ বছৰ পূৰ্বে গোৱালপাৰাত এজন যুৱকক নিৰ্যাতন আৰু মৃতদেহ উদ্ধাৰ, সৌ সিদিনা দীঘলীপুখুৰীৰ পাৰত বিক্ষোভকাৰীৰ ওপৰত জঁপিয়াই পৰা আৰু গুৱাহাটীৰ ব্যস্ত ফাঁচী বজাৰত ঘটি যোৱা নিৰ্মম ঘটনাবোৰ ভাৰ্গৱ বৰবৰাৰ বাবে কিয় সৰু সৰু কথা? জে’ললৈ যোৱা বাদেই বিভিন্নজনে বৰ্খাস্তৰ দাবী উঠাই থকাৰ সময়ত উত্থাপন হৈছে এই প্ৰশ্নও- কোন প্ৰভাৱশালী চক্ৰৰ হাত ভাৰ্গৱ বৰবৰাৰ মূৰত? গুৱাহাটীৰ পাণবজাৰ আৰক্ষী থানাত ৩২৫/২৪ নম্বৰত ৰুজু হোৱা গোচৰত আছে জামিন অযোগ্য ধাৰাও। জ্ঞানদীপৰ এজাহাৰৰ গোচৰটোত ৫টাকৈ BNS ধাৰা হৈছিল সন্নিবিষ্ট। হত্যাৰ ভাবুকি দিয়াৰ বাবেই ১০৯ ধাৰা সংযোজন, কৰ্তব্যৰত বিষয়াৰ অমানৱীয় চৰিত্ৰৰ বাবেই ১৬৬ ধাৰা সংলগ্ন, ১৯৬ ধাৰাত অপৰাধ প্ৰবনতাৰে আক্ৰোশমূলক কাৰ্যকলাপ, খেদি খেদি বাধা দি এজনক বন্দী কৰি ৰখাৰ অপৰাধত ১২৭(২) ধাৰা, ৩৫১ ধাৰা মতে এজনক ভাবুকিভৰা শব্দ প্ৰয়োগ কৰা। অৰ্থাৎ, আইনৰ এগৰাকী ৰক্ষক হৈ নিজেই আইন ভংগ কৰি ৰাজহুৱা স্থানত বৰ্বৰতা দেখুওৱা ভাৰ্গৱৰ শাস্তি কি হ’ব? অসম আৰক্ষীয়ে অভিযুক্ত ভাৰ্গৱৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ সাহস গোটাব পাৰিবনে?

Post a Comment

Previous Post Next Post