ধুবুৰীৰ বিলাসীপাৰাৰ টোকৰাবান্ধাত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ ক্ষিপ্ৰ গতিত চলিছে তদন্ত। গাঁত খান্দি মৃতদেহ উলিয়াই অনাৰ পিছতে তদন্তত ফাদিল হৈছে ৰমেনা হত্যাৰ ন ন তথ্য। প্ৰতিটো তথ্যই খুলিছে ৰহস্যৰ নতুন নতুন পাক। ভায়েকৰ সৈতে মিলি খোদ স্বামীয়ে হত্যা কৰিছিল ৰমেনা খাতুনক। পলাতক ৰফিকুলক বিচাৰি চলিছে আৰক্ষীৰ জোৰদাৰ অভিযান। উল্লেখযোগ্য যে, বিলাসীপাৰাৰ টোকৰাবান্ধা পাহাৰত সোমবাৰে আৰক্ষীয়ে গাঁত খান্দি উলিয়াইছিল ৰমেনা খাতুন নামৰ মহিলাগৰাকীৰ অৰ্ধগলিত মৃতদেহ। প্ৰাথমিক তদন্ততে আৰক্ষীয়ে সন্দেহ কৰিছিল, স্বামী ৰফিকুল ইছলামেই এমাহ পূৰ্বে হত্যা কৰিছিল ৰমেনাক। হত্যাকাণ্ডৰ দায়ৰ পৰা সাৰিবলৈ ৰমেনাক হত্যা কৰি আৰক্ষীক নিখোজ হোৱাৰ অভিযোগ দিছিল খোদ স্বামী ৰফিকুলে।
পিছে তদন্তৰ গভীৰতালৈ গৈ ৰমেনাৰ হত্যাকাণ্ডত স্বামী ৰফিকুল ইছলাম জড়িত থকাটো প্ৰায় নিশ্চিত হৈ পৰিছে তদন্তকাৰ বিলাসীপাৰা আৰক্ষী। কিয়নো আৰক্ষী অৱগত হৈছে নাৰী আৰু টকাৰ বাবে যিকোনো স্তৰলৈ যাব পাৰে ৰফিকুল। টকা আৰু নাৰীৰ প্ৰতি ৰফিকুলৰ আছিল তীব্ৰ আসক্তি। নাৰীৰ প্ৰতি দুৰ্বলতা থকা বাবেই চাৰিবাৰকৈ বিয়া পাতিছিল ৰফিকুলে। চাৰিবাৰকৈ বিয়া পতা ৰফিকুলৰ ৰমেনা আছিল চতুৰ্থ পত্নী। আনহাতে, ৰফিকুলতকৈ কোনো গুণে কম নাছিল ৰমেনা খাতুনো। ৰমেনাৰ বাবে ৰফিকুলো আছিল চতুৰ্থজন স্বামী।
ৰফিকুল-ৰমেনা জড়িত হৈ পৰিছিল এক লটাৰী খেলত। গুৱাহাটীত ৰমেনা আৰু ৰফিকুলে মহিলা গোটৰ মাজত লটাৰী খেল পাতি সংগ্ৰহ কৰিছিল কেইবা লক্ষাধিক টকা। এই লটাৰী খেলে কাল হৈ পৰিছিল ৰমেনাৰ জীৱনৰ বাবে। কিয়নো লটাৰী খেলৰ পিছতে শুংসূত্ৰ হেৰাই গৈছিল ৰমেনাৰ। ইফালে ৰফিকুলে ৰমেনাৰ নিখোজক লৈ একো নজনাৰ ভাও ধৰি থানাত দিয়া জাননীৰ পিছতে তদন্ত আৰম্ভ হৈছিল ভৰলুমুখ আৰক্ষীৰ। আৰক্ষীয়ে প্ৰাথমিক তদন্তত ৰফিকুল জড়িত থকাৰ সন্দেহ কৰি জেৰা চলাইছিল ৰফিকুলৰ ভাতৃ হাফিজুৰ ৰহমানক। এই হাফিজুৰেই আৰক্ষীৰ জেৰাত সৈ কাঢ়িছিল- বিলাসীপাৰাৰ টোকৰাবান্ধা পাহাৰত ৰমেনাৰ মৃতদেহ পুতি থোৱাৰ কথা।
ৰফিকুলৰ সৈতে হত্যাকাণ্ডত জড়িত হৈ পৰিছিল ভাতৃ হাফিজুৰ আৰু আন সহযোগীও। লটাৰীৰ ধন অকলেই হস্তগত কৰিবলৈকে ৰমেনাৰ অধ্যায় শেষ কৰি পেলাইছিল প্ৰচণ্ড লুভীয়া আৰু লুটুৰা ৰফিকুলে। আনকি ৰমেনা খাতুনৰ হাতত নগদ ৪ লাখ টকা আৰু সোণৰ গহণাও ৰফিকুলে আত্মসাৎ কৰা বুুলি তথ্য পোৱা গৈছে। ইফালে ৰমেনাক বিয়া কৰোৱাৰ পিছৰে পৰা ৰমেনাৰ সৈতে শান্তিপুৰত ভাড়াতীয়া আছিল ৰফিকুল ইছলাম। হত্যাকাণ্ডৰ তথ্য প্ৰমাণ বিচাৰি গুৱাহাটীৰ শান্তিপুৰত অভিযান চলালে তদন্তকাৰী আৰক্ষীৰ দলে। ইতিমধ্যে গুৱাহাটীৰ পৰা ৰফিকুল ইছলামৰ এখন নাম্বাৰ প্লেটবিহীন পালছাৰ বাইক জব্দ কৰিছে ভৰলুমুখ আৰক্ষীয়ে। হত্যাকাণ্ডৰ পূৰ্বে বাইকখনতে গুৱাহাটীৰ পৰা বিলাসীপাৰালৈ ৰমেনাক লৈ গৈছিল ৰফিকুলে।