গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত সুৰক্ষিত নহয় খিলঞ্জীয়া লোকসকল। সময় বাগৰাৰ লগে লগে ক্ৰমাৎ যেন বেয়াৰ দিশলৈ গতি কৰিছে পৰিস্থিতি। এতিয়া গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত ভূ-মাফিয়াৰ উপদ্ৰৱে চৰম সীমা পাৰ কৰিছে। পুনৰ এক ভূমি দখলৰ ঘটনাই প্ৰমাণ কৰিছে যে বটদ্ৰৱাত এতিয়া একেবাৰেই সুৰক্ষিত নহয় খিলঞ্জীয়া লোকসকল।
কিছুদিন পূৰ্বে দিপালী বৰা নামৰ এগৰাকী মহিলা স্বামীক চিকিৎসা কৰাৰ বাবে চেন্নাইলৈ গৈছিল। মহিলাগৰাকীৰ স্বামীৰ জটিল ৰোগত আক্ৰান্ত হোৱাৰ বাবে চেন্নাইত কিছুদিন থাকিবলগীয়া হয় পৰিয়ালটো।
সেইখিনি সময়তে মহিলাগৰাকীৰ এডোখৰ ভূমিৰ ওপৰত চকু পৰে ভূ-মাফিয়াৰ। পৰিয়ালটো বটদ্ৰৱাত নথকাৰ সুযোগ গ্ৰহণ কৰি ভূমিখিনি দখল কৰি পেলাল ভূ-মাফিয়াই। চেন্নাইৰ পৰা ঘূৰি আহি পৰিয়ালটোৱে ভূমিখিনিত নিৰ্মাণকাৰ্য চলি থকা দেখি হতবাক লৈ পৰে। ভূমিখিনি দখলৰ আঁৰত হান্নান হক চৌধুৰী নামৰ এটা ভূ-মাফিয়া। হান্নান হক চৌধুৰীৰে বহুলোকৰ ভূমি অবৈধ দখল কৰাৰ অভিযোগ।
ইফালে পৈতৃক সম্পত্তি হেৰুৱাই হাহাকাৰ কৰিছে দিপালী বৰা নামৰ মহিলাগৰাকীয়ে। মহিলাগৰাকীয়ে যুগ যুগ ধৰি খাজানা দি অহা বটদ্ৰৱাৰ হাইডুবি ভূমিখিনিত নিশাৰ ভিতৰতে ভূ-মাফিয়াই সাজিলে পকী ঘৰ। তাতোতকৈ ৰহস্যজনক কথাটো হ’ল যে বটদ্ৰৱা আৰক্ষী থানাৰ পৰা মাত্ৰ ৩০০ মিটাৰ নিলগতে সংঘটিত হৈছে এই ভূমি অবৈধ দখলৰ ঘটনা।