৭২ ঘণ্টা উকলিল কিন্তু সন্ধান নোলাল মনোজ পৰায়াৰ। আজি তিনি দিনে সন্ধান নোলাল তিনিচুকীয়াৰ ডিব্ৰু নৈত গুৰিয়াই গুৰিয়াই পেলাই দিয়া মনোজ পৰায়াৰ। মনোজক গতিয়াই দিয়া নাৱৰীয়াকো এইপৰ্যন্ত বিচাৰি পোৱা নাই তিনিচুকীয়া আৰক্ষীয়ে। নাৱৰীয়া অমৰিশ মিপুনে গুৰিয়াই গুৰিয়াই নাৱৰ পৰা পানীত পেলাই দিছিল মনোজ পৰায়াক। দেওবাৰে বিয়লি তিনিচুকীয়াৰ দিনজান ঘাটৰ পৰা দধিয়ালৈ গৈ থকা অৱস্থাত ডিব্ৰু নৈত দুৰ্ঘটনাত পতিত হৈছিল শাক পাচলি বেপাৰীৰ এখন নাও।
দুৰ্ঘটনাৰ দৃশ্য দেখা মাত্ৰকে নৈত জাঁপ দি মনোজ পৰায়াই উদ্ধাৰ কৰিছিল ৪ জনকৈ লোকক। সকলোকে উদ্ধাৰ কৰাৰ পাছত নিজে নাৱত উঠিবলৈ লওতেই দধিয়াৰ নাৱৰীয়া অমৰিশ মিপুনে গুৰিয়াই গুৰিয়াই বাধা দিছিল মনোজক। তেতিয়াৰে পৰা নিৰুদ্দেশ হৈ আছে উদ্ধাৰকাৰী মনোজ পৰায়া। ইফালে আৰক্ষীৰ অভিযানৰ সমান্তৰালকৈ দধিয়াৰ স্থানীয় লোকেও মূল অভিযুক্ত অমৰিশ মিপুনক কৰায়ক্ত কৰি আৰক্ষীক গতাই দিয়াৰ চেষ্টা কৰিছে।
সন্ধানহীন মনোজ পৰায়াৰ ঘৰত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। মাছ ধৰি খৰি বিক্ৰী কৰি কোনোমতে পৰিয়াল পোহপাল দিছিল মনোজে। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী মনোজ সন্ধানহীন হৈ থকাত হাহাকাৰ অৱস্থা সৃষ্টি হৈছে পৰিয়ালৰ লোকৰ মাজত। নিৰুদ্দিষ্ট মনোজ পৰায়াৰ আছে দুই কন্যা আৰু এটা পুত্ৰ সন্তান।