সলনি হ’ব অসমৰ এইখন জিলাৰ নাম, ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত


 

মঙলবাৰে জনতা ভৱনত সম্পন্ন হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যিক কেবিনেট গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

সলনি হ’ব কৰিমগঞ্জ জিলাৰ নাম। শ্ৰীভূমি হ’ব জিলাখনৰ নতুন নাম। সংবাদমেলত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয়, ১০০ বছৰ পূৰ্বে ‘কবিগুৰু’ ৰবীন্দ্ৰনাথ ঠাকুৰে কৰিমগঞ্জ (Karimganj) জিলাক ‘শ্ৰীভূমি’ বুলি বৰ্ণনা কৰিছিল। অৰ্থাৎ মা লক্ষ্মীৰ ভূমি। আজি অসম কেবিনেটে আমাৰ মানুহৰ এই দীৰ্ঘদিনীয়া দাবী (Sri Bhumi) পূৰণ কৰিছে।

তেওঁ কয়,  অসমৰ বহু গাঁও, অঞ্চলৰ নামো পৰ্যায়ক্ৰমে সলনি কৰা হ’ব। ইপিনে, ১০ ফ্ৰেব্ৰুৱাৰীৰ পূৰ্বে ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। এই ঘোষণাও কৰে মুখ্যমন্ত্ৰীয়ে। অসমত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। নিৰ্বাচনৰ বাবে জানুৱাৰীত জাৰি কৰা হ’ব অধিসূচনা।

আনহাতে, ২৬ফেব্ৰুৱাৰীত অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব বুলিও সংবাদমেলত মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৩০ ডিচেম্বৰত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব বুলিও উল্লেখ কৰে।

Post a Comment

Previous Post Next Post