নাহৰকটীয়াত ব্যৱসায়ীৰ হাহাকাৰ। বীৰ লাচিত সেনাৰ ধন দাবীত অসহায়। দোকান ভেদে ৫ৰ পৰা ৫০ হাজাৰকৈ বীৰ লাচিত সেনাই দাবী কৰাৰ পাছতে দোকানত তলা ওলোমাই ৰাজপথত নামিল নাহৰকটীয়াৰ ৬০০ৰো অধিক ব্যৱসায়ী। এমাহ ধৰি নাহৰকটীয়াত বীৰ লাচিত সেনাই চলাই আছে ধন সংগ্ৰহ অভিযান। দুলীয়াজানত আয়োজিত লাচিত দিৱসৰ বাবে নাহৰকটীয়াৰ প্ৰতিখন দোকানত বীৰ লাচিত সেনাৰ ধন দাবী। হয় ধন দিয়ক, নহয় বীৰ লাচিত সেনাৰ সদস্যক দোকান চমজাই দিয়ক। এই দুটা দাবীৰ যিকোনো এটা মানি নল’লে নাহৰকটীয়াৰ ব্যৱসায়ীক বিষম পৰিস্থিতিৰ হুংকাৰ বীৰ লাচিত সেনাৰ।
বীৰ লাচিত সেনাৰ ধন দাবীৰ পৰা ৰেহাই পোৱাৰ আন উপায় নেদেখি নাহকটীয়াত স্বঘোষিত বন্ধ ব্যৱসায়ী সন্থাৰ। দোকান বন্ধ কৰি ধন দাবী বন্ধ কৰাৰ দাবীৰকে নাহৰকটীয়াৰ ৰাজপথত সমদল উলিয়ালে শ শ ব্যৱসায়ীয়ে। ‘নাহৰকটীয়া চেম্বাৰ্চ অৱ কমাৰ্চ’ৰ সৈতে বৈঠকত আন ঠাইত আয়োজিত অনুষ্ঠানত কোনো বৰঙণি নিদিয়াৰ সিদ্ধান্ত নাহৰকটীয়াৰ ব্যৱসায়ীসকলৰ। এই সিদ্ধান্তৰ পাছতে নাৰহকটীয়া চহৰৰ মাজেৰে সমদল কৰি আৰক্ষীৰ যোগেৰে সম-জিলা আয়ুক্তক ব্যৱসায়ীসকলে প্ৰদান কৰিলে স্মাৰকপত্ৰ। তাৰপাছতহে প্ৰশাসনৰ অনুৰোধত বন্ধ কৰি থোৱা দোকান খুলিলে নাহৰকটীয়াৰ ব্যৱসায়ীয়ে। অৱশ্যে নাহৰকটীয়াত ব্যৱসায়ীৰ এই অভিনৱ প্ৰতিবাদৰ এতিয়াও প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বীৰ লাচিত সেনাই।