Assam BJP State President: ৰাজ্যিক BJPৰ সভাপতিৰ দৌৰত মন্ত্ৰী ৰণজিৎ কুমাৰ দত্ত


 

জানুৱাৰীৰ মাজভাগত দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো BJPৰ নতুন সভাপতি নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ সভাপতি পদৰ বাবে এইবাৰ দৌৰত আছে ৪ নেতা ৷ ইয়াৰ ভিতৰত আছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু প্ৰাক্তন সাংসদ পল্লৱলোচন দাস ৷

আৰম্ভ হ’ল ৰাজ্যিক BJPৰ সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া ৷ আৰম্ভ হ’ল BJPৰ আভ্যন্তৰীণ সাংগঠনিক নিৰ্বাচন ৷ ইতিমধ্যে ৰাজ্যিক BJPৰ আভ্যন্তৰীণ সাংগঠনিক নিৰ্বাচনৰ বাবে আৰম্ভ হৈছে বিভিন্ন প্ৰান্তত কৰ্মশালা ৷ চলিত মাহৰ ভিতৰতে শাসকীয় দল BJPএ বুথ, জিলা আৰু সংমণ্ডলৰ সভাপতিৰ নিৰ্বাচন প্ৰক্ৰিয়া শেষ কৰিব ৷ ইয়াৰ পিচতে কৰিব নতুন সভাপতিৰ নিৰ্বাচন ৷

এইবাৰ অসম ৰাজ্যিক BJPৰ সভাপতি পদৰ বাবে দৌৰত আছে ৪ নেতা ৷ সভাপতিৰ দৌৰত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ কেবিনেট মন্ত্ৰী হৈ থকাতকৈ দলৰ সভাপতি হিচাপে কাম কৰিবলৈ বেছি ভাল পাই বুলি ৰণজিৎ কুমাৰ দাসে ইতিমধ্যে নিজে NEWS18ৰ ‘বাদ-বিবাদ’ অনুষ্ঠানত সদৰি কৰিছে ৷
মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বিগত সময়ত দলৰ বিভিন্ন পদবীত কাৰ্য নিৰ্বাহ কৰিছে ৷ দুবাৰকৈ ৰাজ্যিক সভাপতিৰ পদ চম্ভালিছে ৷ দাসে বিধানসভাৰ অধ্যক্ষৰ পদতো কাৰ্য নিৰ্বাহ কৰিছিল ৷ এইবাৰ মন্ত্ৰী পদ এৰি পুনৰ ৰণজিৎ কুমাৰ দাসে ৰাজ্যিক সভাপতি হ’বলৈ আগ্ৰহ প্ৰকাশ কৰিছে ৷


Post a Comment

Previous Post Next Post