মণিপুৰৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰত অথন্তৰ, কনৰাড চাংমাৰ NPPয়ে প্ৰত্যাহাৰ কৰিলে সমৰ্থন



 কনৰাড চাংমা নেতৃত্বাধীন নেচনেল পিপলছ পাৰ্টিয়ে (NPP) দেওবাৰে এন বীৰেন সিঙৰ নেতৃত্বৰ বিজেপি নেতৃত্বাধীন মণিপুৰ চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ কৰে আৰু উত্তৰ-পূবৰ ৰাজ্যখনৰ অৱনমিত আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ কৰে। মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মণিপুৰৰ অস্থিৰতা দূৰ কৰাত ব্যৰ্থ হোৱাৰ বাবে মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীক দোষাৰোপ কৰে। মণিপুৰত মেইটেই আৰু কুকি গোটৰ মাজত হোৱা হিংসাত্মক ঘটনাই কেইবামাহধৰি ৰাজ্যখন অস্থিৰ কৰি ৰাখিছে আৰু ৰাজ্যখনৰ স্বাভাৱিক জীৱনত বিৰূপ প্ৰভাৱ পেলাইছে।


উল্লেখযোগ্য যে কনৰাডৰ NPP মণিপুৰত NDA মিত্ৰজোঁটৰ অংশ। কনৰাড চাংমাই মণিপুৰৰ অস্থিৰতাৰ বাবে সিঙক দোষাৰোপ কৰি কয়, ‘আমি দৃঢ়ভাৱে অনুভৱ কৰোঁ যে বীৰেন সিঙৰ নেতৃত্বত মণিপুৰ চৰকাৰে সংকট সমাধান আৰু স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নেচনেল পিপলছ পাৰ্টিয়ে মণিপুৰৰ বীৰেন সিং নেতৃত্বাধীন চৰকাৰক তাৎক্ষণিকভাৱে সমৰ্থন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে।’

২০২৩ চনৰ মে’ মাহৰ পৰা জাতিগত সংঘৰ্ষত জ্বলি থকা মণিপুৰত মহিলা আৰু শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত প্ৰতিবাদ আৰু হিংসাত্মক ঘটনাই পুনৰ উত্তপ্ত কৰি তুলিছে আকাশ-বতাহ। ইপিনে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে মণিপুৰৰ নিৰাপত্তাজনিত পৰিস্থিতিৰ পৰ্যালোচনা কৰে আৰু শীৰ্ষ নিৰাপত্তা বিষয়াসকলক শান্তি নিশ্চিত কৰাৰ বাবে সম্ভৱপৰ সকলো পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে।


শনিবাৰে নিশা হিংসাত্মক ঘটনাৰ প্ৰতিবাদৰ নতুন ঘটনা সংঘটিত হৈছিল। আনকি জিৰিবাম জিলাত উগ্ৰপন্থীয়ে তিনিগৰাকীকৈ মহিলা আৰু শিশুক হত্যা কৰাৰ ফলত উত্তেজিত হৈ শনিবাৰে তিনিজন কৈ ৰাজ্যিক মন্ত্ৰী আৰু ছজন বিধায়কৰ বাসগৃহত আক্ৰমণ কৰাৰ পাছত অনিৰ্দিষ্টকালৰ কাৰ্ফিউও জাৰি কৰা হৈছিল।

উগ্ৰপন্থী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা বন্দুক-যুদ্ধৰ ফলত ১০জন বিদ্ৰোহীৰ মৃত্যু হোৱাৰ পাছত সোমবাৰৰ পৰা জিৰিবামত এটা শৰণাৰ্থী শিবিৰৰ পৰা ছগৰাকী লোক সন্ধানহীন হৈছিল। শনিবাৰে জিৰিবামৰ বৰাক নদীৰ পৰা মহিলা আৰু এটা শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হয়, আনহাতে শুকুৰবাৰে নিশা এগৰাকী মহিলা আৰু দুটা শিশুসহ আন তিনিটা মৃতদেহ উদ্ধাৰ কৰা হয়।ইফালে, চিআৰপিএফৰ সৈতে সংঘটিত গুলীচালনাত নিহত হোৱা ১০জন কুকি-জো যুৱকৰ অন্ত্যেষ্টিক্ৰিয়া তেওঁলোকৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পৰিয়ালসমূহক হস্তান্তৰ নকৰালৈকে সম্পন্ন কৰা নহ’ব বুলি দেওবাৰে সম্প্ৰদায়টোক প্ৰতিনিধিত্ব কৰা এটা আগশাৰীৰ সংগঠনে স্পষ্টভাৱে উল্লেখ কৰে।

মণিপুৰৰ কুকি-জো সম্প্ৰদায়ৰ এটা গুৰুত্বপূৰ্ণ সংগঠন ‘ইণ্ডিজেনাছ ট্ৰাইবেল লিডাৰ্ছ ফ’ৰাম’এ (আইটিএলএফ) জিৰিবাম জিলাত নিহত ১০গৰাকী লোকৰ অন্ত্যেষ্টিক্ৰিয়া সন্দৰ্ভত ভৱিষ্যতৰ পদক্ষেপৰ সিদ্ধান্ত লোৱাৰ বাবে এখন জৰুৰী বৈঠক আহ্বান কৰিছে।

Post a Comment

Previous Post Next Post