ট্ৰেডিঙৰ নামত কোটি কোটি লুটি অসম এৰিলে আল্পনাই। মৌমিতাৰ ছত্ৰছায়াত কলকাতাত আত্মগোপন প্ৰবঞ্চক আল্পনাৰ। ক’ত পলাল AD STOCKৰ ডাইৰেক্টৰ শুভম-মমতাজ? পিছে ফ্ৰড গুৰু দীপাংকৰৰ দৰে ভুল কৰিব বিচৰা নাই আল্পনাই। কিন্তু হাত দীঘল মহাপ্ৰবঞ্চক আল্পনা দাসৰ আত্মগোপনৰ ক্লু লাভ কৰিছে মহানগৰ আৰক্ষীয়ে।
ইপিনে, আন এক ট্ৰেডিং কেলেংকাৰীৰ গোচৰৰ ফাইল খুলি হতবাক হৈ পৰিছে খোদ CBI। যিসময়ত আল্পনাৰ AD STOCKত টকা জমা দি বিনিয়োগকাৰীয়ে হাহাকাৰ কৰিছে তেনেসময়তে NEWS18ৰ হাতত পৰিছে আল্পনা এণ্ড কোম্পানীৰ লুণ্ঠনৰাজৰ বিস্ফোৰক তথ্য। AD STOCKৰ ডাইৰেক্টৰ আছিল আল্পনা দাস, শুভম দাস, মমতাজ বেগম। ২০২২ৰ নৱেম্বৰ মাহত আল্পনা-শুভম-মমতাজে খুলিছিল AD STOCK- AD Stock Broking Financial services Private limited।
বিভিন্ন প্ৰলোভনেৰে লুণ্ঠনৰ জাল পেলাই গঠন হোৱা কোম্পানীৰ ডাইৰেক্টৰ আসনত এই তিনি ব্যক্তি। লাখে লাখে টকা সংগ্ৰহৰ অভিযান এনেকৈ প্ৰমাণ হিচাপে থাকি গ’ল এইসমূহ কাগজ-পত্ৰ। পাছে আচৰিত, ৫৩ গৰাকীকৈ ভুক্তভোগী বিনিয়োগকাৰীয়ে দিশপুৰ থানাত এজাহাৰ দাখিল কৰাৰ পিছতো প্ৰথম অৱস্থাত ৰহস্যজনকভাৱে মহানগৰ আৰক্ষীয়ে আৰম্ভ কৰা নাছিল AD-কাণ্ডৰ তদন্ত। দিছপুৰ আৰক্ষীৰ দুৰ্বলতাৰ বাবেই পলাই যাবলৈ সুযোগ পাইছিল আল্পনা-শুভম আৰু মমতাজে। দিশপুৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত ঠেলি দিছিল পল্টন বজাৰ আৰক্ষী থানালৈ।
শেহতীয়াকৈ CBIৰ হাতলৈ যোৱা ৪১টা গোচৰৰ ভিতৰত সোমাল আল্পনা গেঙৰ লুণ্ঠনৰ গোচৰ। কিন্তু কোটি কোটি টকা লুটি পলায়ন কৰা ৩ প্ৰবঞ্চকৰ আজিও নাই সন্ধান। দুটা মাহে পলাই থকা আল্পনা দাস, শুভম দাস আৰু মমতাজ বেগমৰ বিৰুদ্ধে হঠাৎ আৰক্ষীয়ে চলাইছে গোপনে অভিযান। কলকাতাৰ হোটেলতে আল্পনা লুকাই থকাৰ খবৰ পাইছে আৰক্ষীয়ে। কিন্তু ছলনাময়ী আল্পনাক কৰায়ত্ত কৰিবলৈ আৰক্ষী সক্ষম হ’বনে?
অসমকে ধৰি নেপাল, ৰাজস্থান, মহাৰাষ্ট্ৰ, কৰ্ণাটকৰ লোকৰ পৰা কোটি কোটি টকা লুটি পলায়ন কৰা আল্পনা এণ্ড বাহিনী বাছি যাব নেকি? এসময়ত মহা প্ৰবঞ্চক দীপাংকৰ বৰ্মনেৰ অধীনত প্ৰবঞ্চনাৰ দীক্ষা লোৱা আল্পনা এণ্ড গেঙটোক বিচাৰি পাব নে আৰক্ষীয়ে? গুৱাহাটীৰ স্মাৰ্ট আৰক্ষীৰ সন্মুখত পুনৰ এক বৃহৎ প্ৰত্যাহ্বান থিয় কৰাইছে আল্পনাই?