যোৰহাটৰ ছুপাৰী কিলাৰ কাণ্ডৰ সৈতে জড়িত হৈ আছে নেকি হনিট্ৰেপিঙৰ কাহিনী?



 যোৰহাটৰ ছুপাৰী কিলাৰ কাণ্ডৰ নতুন মোৰ। এই ঘটনাক লৈ থানাত দ্বিতীয় খন এজাহাৰ। প্ৰসেনজিত বৰুৱা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে অভিযন্তা মুকুল চেতিয়াক হনিট্ৰেপিং কৰাৰ অভিযোগত থানাত এজাহাৰ মুকুল চেতিয়াৰ পত্নী আৰু পুত্ৰৰ। বৰুৱা দম্পতিয়ে কৰি অহা ব্লেকমেইলিঙৰ পৰিণতিত মুকুল চেতিয়াই পৰিয়ালটোক ধন প্ৰদান কৰাৰ প্ৰমাণ আছে বুলি উল্লেখ এজাহাৰত।

যোৰহাটৰ ছুপাৰী কিলাৰ কাণ্ডই ল’বলৈ গৈছে নতুন মোৰ। যোৰহাটৰ পুলিবৰ আৰক্ষীৰ তৎপৰতাত এই চাঞ্চল্যকৰ ঘটনাৰ পিছতেই হত্যাৰ চেষ্টা চলোৱা ছুপাৰী কিলাৰ মহেন নায়ক, প্ৰসেনজিত বৰুৱাৰ পত্নী আৰু তেওঁৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা কনিষ্ঠ অভিযন্তা মুকুল চেতিয়াক গ্ৰেপ্তাৰ কৰিছিল।

শেহতীয়াকৈ এই ঘটনাক লৈ ধৃত মুকুল চেতিয়াই তেওঁক বৰুৱা দম্পতীয়ে ব্লেকমেইল কৰি অহাৰ কথা প্ৰকাশ কৰাৰ বিপৰীতে প্ৰসেনজিত বৰুৱাই পত্নীক নিৰ্দোষী বুলি মত ব্যক্ত কৰি সমগ্ৰ ঘটনাৰ বাবে জগৰীয়া কৰিছিল মুকুল চেতিয়াক।

Post a Comment

Previous Post Next Post