জনম-জনম একেলগে থকা প্ৰতিশ্ৰুতিৰে বিয়াখন সম্পন্ন হৈছিল হে মাত্ৰ, কিন্তু মুহূৰ্ততে শেষ হৈ গ’ল সকলো। নৱ-বিবাহিত দম্পতিৰ অটোত উঠিত ঘৰমুৱা হৈছিল, কিন্তু তেতিয়াই সকলো শেষ হ’ল। ভয়ংকৰ পথ দুৰ্ঘটনাত নৱ-বিবাহিত দম্পতিসহ মুঠ ৭গৰাকীকৈ লোকৰ কৰুণ মৃত্যু। ঘন কুঁৱলীৰ বাবে চালকে ভালকৈ মণিব নোৱাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।
শুকুৰবাৰে সন্ধিয়া ঝাৰখণ্ডত বিবাহপাশত আবদ্ধ হৈ নৱবিবাহিত দম্পতিয়ে উত্তৰ প্ৰদেশৰ বিজনোৰৰ ধৰমপুৰত থকা নিজৰ ঘৰলৈ উভতি আহিছিল। মুৰাদাবাদ ষ্টেচনৰ পৰা অটো ভাড়াত লৈছিল দম্পতিয়ে। আৰক্ষীয়ে জনোৱা মতে, দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনে আন এখন গাড়ীক অতিক্ৰম কৰি অটোখনৰ পিছফালে খুন্দা মাৰে। ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনা সংঘটিত কৰাৰ বাহনখনৰ চালকে অটোখন দেখা নোপোৱা বুলি সন্দেহ কৰা হৈছে।
এই দুৰ্ঘটনাত নৱবিবাহিত দম্পতি আৰু দৰা পৰিয়ালৰ ৪জন সদস্যৰ থিতাতে মৃত্যু হয়। চিকিৎসাধীন অৱস্থাত মৃত্যু হয় অটো চালকজনৰ। এই ঘটনাত দুৰ্ঘটনা সংঘটিত কৰা বাহনখন চালকজনো আহত হয়। জানিব পৰা অনুসৰি চালকজনৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। ঘটনাক লৈ শোক প্ৰকাশ কৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। আনফালে স্থানীয় প্ৰশাসনক আহতসকলক উপযুক্ত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে।