Jhansi Medical College Fire Tragedy: ঝান্সি মেডিকেল কলেজ হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড!



 উত্তৰ প্ৰদেশৰ ঝান্সিত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। ঝান্সি মেডিকেল কলেজ হাস্পতালত সংঘটিত অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ ১০টি নৱজাতকৰ মৃত্যু হৈছে। অগ্নিদগ্ধ হৈ হাস্পতালত জীৱন মৃত্যুৰ যুঁজি আছে আন ১৬টি নৱজাতকে। অগ্নিদগ্ধ হৈ মৃত্যু হোৱা ৭টি নৱজাতকৰ পৰিচয় ইতিমধ্যে উদ্ধাৰ হৈছে আন তিনিটি নৱজাতকৰ উদ্ধাৰ কৰিব পৰা নাই পৰিচয়। সম্পূৰ্ণৰূপে অগ্নিদগ্ধ হোৱা মৃতদেহ চিনাক্ত কৰিবলৈ প্ৰয়োজনত কৰা হ’ব DNA টেষ্ট। অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা NICUটোত আছিল ৫৪টা নৱজাতক। ইতিমধ্যে শোকাৱহ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে। জিলা প্ৰশাসনক তদন্ত কৰি ২৪ ঘণ্টাৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ চৰকাৰৰ। নিশাই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল’লে উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে।


অক্সিজেন কনচেণ্ট্ৰেটৰত হোৱা শ্বৰ্ট চাৰ্কিটৰ ফলত ঝান্সি মেডিকেল কলেজ হাস্পতালৰ NICUত সংঘটিত হয় জুইৰ সূত্ৰপাত। শুকুৰবাৰে নিশা প্ৰায় ১০ বাজি ৪৫ মিনিটত সংঘটিত হৈছিল অগ্নিকাণ্ড। নৱজাতকৰ কক্ষত জুইৰ সূত্ৰপাত হোৱাৰ পিছতে হাহাকাৰ লাগে পৰিয়াল তথা আন আন ৰোগীৰ মাজত লাগে হাহাকাৰ।

ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপণ কৰে যদিও অকাল মৃত্যুক আকোৱালি ল’লে ১০টি নৱজাতকে। শোকাৱাহ ঘটনাৰ পিছতে হাস্পতাল চৌহদত নৱজাতকৰ পৰিয়ালৰ মাজত হাহাকাৰময় পৰিৱেশ। ইপিনে ঝান্সি ট্ৰেজেডীৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে ভুক্তভোগী পৰিয়াললৈ আৰ্থিক সাহাৰ্য ঘোষণা কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে। অগ্নিদগ্ধ হৈ মৃত্যু হোৱা নৱজাতকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰু আহতৰ পৰিয়াললৈ ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰিছে চৰকাৰে।

Post a Comment

Previous Post Next Post