Kaliabor Tiger: জিঘাংসাৰ জঘন্য ৰূপ! শিলগুটি দলিয়াই কণা কৰিলে বাঘটোক


 

বৃহত্তৰ কলিয়াবৰৰ অঞ্চলত কেইবামাহো ধৰি বিচৰণ কৰি ফুৰা বাঘটো আৰু বনলৈ উভতি যাব নোৱাৰিব। কেইদিনমান ধৰি ঢেঁকীয়াপতীয়া বাঘ এটাই কলিয়াবৰৰ মিৰিভেটি, বৰভকতি, ঢেকিয়াল, কটীয়ৰী আৰু দেৱসত্ৰত আতংক সৃষ্টি কৰিছিল। ঢেঁকীয়াপতীয়া বাঘটোৱে বুধবাৰে পুৱাৰে পৰা আশ্ৰয় গ্ৰহণ লৈছিল তপাহোলা-কেৰিবাকৰিৰ কলঙৰ পাৰত। প্ৰকাণ্ড বাঘটোক পিঞ্জৰাবদ্ধ কৰাৰ প্ৰচেষ্টাত বুধবাৰে দুপৰীয়াৰ ভাগত কলং নৈত আশ্ৰয় লয় বাঘটোৱে। এফালে বন বিভাগৰ লোকৰ খেদা আৰু আনফালে একাংশৰ বিশৃংখল উন্মাদ কিৰিলিত ভয় খাই শেষত নৈত জঁপিয়াই দিছিল বাঘটোৱে। কিন্তু অসহায় বাঘটোক পানীত ককবকাই থকা দেখি অধিক উন্মাদ হৈ পৰিছিল সেইসকল লোক। তেওঁলোকৰ বাবে যেন এয়া ছাৰ্কাছৰ খেলা দেখুওৱা বাঘহে! বাঘৰ ‘খেল’ চোৱাৰ বাবেই এইবাৰ উন্মাদৰ দলটোৱে বাঘটোলৈ লক্ষ্য কৰি দলিয়াবলৈ ধৰিলে শিলগুটি, ইটা-চপৰা। কলং নৈৰ দুয়ো ফালৰে পৰা হিতাহিত জ্ঞান হেৰুওৱা একাংশ লোকৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ শেষত নৈৰ পৰা উঠি কাষৰ জাৰণিত আশ্ৰয় ল’বলৈ বাধ্য হ’ল ঢেঁকীয়াপতীয়া বাঘটো।


বাঘটোৱে আশ্ৰয় লোৱা জাৰণিৰ চৌপাশে বন বিভাগ আৰু একাংশ স্থানীয় লোকে পহৰা দি থাকিল আৰু নিশাৰ ভাগলৈ বাঘটোক উদ্ধাৰ কৰা হ’ল। কিন্তু তেতিয়ালৈ বহু দেৰি হৈ গৈছিল। মানুহৰূপী দানবে বুধবাৰে কলং নৈত বাঘটোৰ ওপৰত চলোৱা অত্যাচাৰত ইতিমধ্যে বাৰুকৈয়েই আঘাতপ্ৰাপ্ত হৈছিল। তাতোকৈ ভয়ংকৰ কথাটো হ’ল মানুহৰ অত্যাচাৰত শিল গৈ বাঘটোৰ এটা চকুত আঘাত কৰিছিল। যাৰ ফলত চিৰদিনলৈ কণা হৈ পৰিল বুধবাৰলৈ তজবজীয়া হৈ থকা বাঘটো।

“মানুহ হিচাপে মই বৰ লাজ পালো আজি”
উদ্ধাৰ কৰিয়েই আঘাতপ্ৰাপ্ত বাঘটোক কাজিৰঙাত অৱস্থিত বন্যপ্ৰাণী পুনৰসংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ (Centre for Wildlife Rehabilitation and Conservation)লৈ প্ৰেৰণ কৰা হয়। পুৱাৰ ভাগত News18ৰ তৰফৰ পৰা বাঘটোৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত ফোন যোগে জানিব বিচৰাত কেন্দ্ৰটোৰ সঞ্চালক ৰথীন বৰ্মনে আক্ষেপেৰে কৈছিল, “মানুহ হিচাপে আজি বৰ লাজ পাইছো।” News18ৰ আগত বিষয়াগৰাকীয়ে জনায়, বাঘটোৱে আৰু দুনাই বনলৈ উভতি যাব নোৱাৰিব। মানুহে দলিওৱা শিলগুটিয়ে বাঘটোৰ চকু এটা সম্পূৰ্ণৰূপে নষ্ট কৰি দিলে। যাৰ বাবে সি আৰু কোনোদিন বনলৈ উভতি যাব নোৱাৰিব।

কি কৰি আছিল বন বিভাগে?
কিন্তু প্ৰশ্ন হয়, যি সময়ত উন্মাদ মানুহৰ দলটোৱে বাঘটোৰ ওপৰত আক্ৰমণ চলাইছিল, সেই সময়ত কি কৰি আছিল বনবিভাগৰ লোককেইজনে? অঞ্চলটোত বাঘ ওলালেই বাঘ ধৰিবলৈ এক্সকাভেটৰ লৈ, আঁঠুৱা লৈ যোৱা বন বিভাগৰ এনে অকৰ্মণ্যতাক বাৰু চৰকাৰে কি ভাৱে গ্ৰহণ কৰিব!!

Post a Comment

Previous Post Next Post