স্কুল চৌহদতে এগৰাকী শিক্ষয়িত্ৰীক নৃশংসভাৱে হত্যা। বিবাহৰ প্ৰস্তাৱ গ্ৰহণ নকৰা বাবেই নিৰ্মমভাৱে হত্যা কৰে শিক্ষয়িত্ৰীগৰাকীক। এই ভয়ংকৰ ঘটনা সংঘটিত হয় তামিলনাডুৰ তঞ্জাভুৰত। অভিযুক্ত হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
ঘটনা অনুসৰি, বুধবাৰে পুৱা সংঘটিত হয় এই ঘটনা। ৩০ বছৰীয়া এজন যুৱকে মল্লীপট্টনম চৰকাৰী স্কুলত প্ৰৱেশ কৰি টিচাৰ কমন ৰুমৰ সন্মুখত ছাত্ৰ-ছাত্ৰী আৰু আন শিক্ষকৰ সন্মুখত ডিঙি আৰু পেটত ছুৰীৰে আক্ৰমণ কৰে শিক্ষয়িত্ৰীগৰাকীক। লগে লগে শিক্ষয়িত্ৰীগৰাকীক হাস্পতাললৈ নিয়া হয় যদিও বাটতে মৃত্যু হয় শিক্ষয়িত্ৰীগৰাকীৰ।
এই ঘটনাৰ পিছতে আৰক্ষীক খবৰ দিয়া হয়। শিক্ষয়িত্ৰীগৰাকীৰ পৰিয়ালকো অৱগত কৰা হয় ঘটনাৰ বিষয়ে। আৰক্ষীয়ে জনাইছে যে অভিযুক্ত মদন নামৰ অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছে আৰু সোধা-পোছা অব্যাহত ৰাখিছে। সোধা-পোছাত জানিব পৰা গৈছে যে শিক্ষয়িত্ৰীগৰাকী আৰু মদনৰ পৰিয়ালে শেহতীয়াকৈ তেওঁৰ বিয়াৰ কথা আলোচনাৰ বাবে মিলিত হৈছিল। কিন্তু শিক্ষয়িত্ৰীগৰাকীয়ে সেই প্ৰস্তাৱ নাকচ কৰিছিল। ইয়াৰ পিছতে মদনে বিদ্যালয়লৈ গৈ চোকা অস্ত্ৰৰে আক্ৰমণ কৰে শিক্ষয়িত্ৰীগৰাকীক।
শিক্ষয়িত্ৰীগৰাকীৰ হত্যাৰ ঘটনাত শোক প্ৰকাশ কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে। মুখ্যমন্ত্ৰীয়ে শিক্ষয়িত্ৰীগৰাকীৰ পৰিয়ালক ৫ লাখ টকাৰ এককালীন সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে। তেওঁ কয় যে এয়া এক আশ্চৰ্যজনক আৰু দুখজনক ঘটনা। দোষীক গ্ৰেপ্তাৰ কৰা হৈছে আরু এই ঘটনাক গুৰুত্ব সহকাৰে লোৱা হ’ব। অভিযুক্তই আইন অনুসৰি কঠোৰ শাস্তি পাব।
স্কুল শিক্ষা মন্ত্ৰী অম্বিল মহেশ পোয়ামিঝীয়ে ঘটনাক গৰিহণা দি ঘটনাৰ উচিত তদন্তৰ আশ্বাস দিছে। তেওঁ কয় যে মই তঞ্জাভুৰ জিলাৰ মল্লীপট্টনম চৰকাৰী স্কুলত কাম কৰা শিক্ষয়িত্ৰীৰ ওপৰত আক্ৰমণৰ ঘটনাক কঠোৰ নিন্দা কৰিছো। শিক্ষকৰ বিৰুদ্ধে হিংসা সহ্য কৰা নহয়। আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। শোক-সন্তপ্ত পৰিয়ালৰ প্ৰতি মই সমবেদনা জ্ঞাপন কৰিছো।