এ আৰ ৰহমান আৰু তেওঁৰ পত্নী ছায়ৰা বানুৱে তেওঁলোকৰ ২৯ বছৰীয়া দাম্পত্য জীৱনৰ সমাপ্তি ঘটাইছে। বুধবাৰে এই খবৰ পোহৰলৈ অহাৰ পিছতে আচৰিত সকলো। কাকতালীয়ভাৱে ৰহমান আৰু তেওঁৰ পত্নীৰ বিচ্ছেদৰ কথা ঘোষণা কৰাৰ পিছতে আন এক বিচ্ছেদৰ খবৰ। তেওঁ এ আৰ ৰহমানৰ সহযোগী মোহিনী দে’। ৰহমানৰ টীমৰ গীটাৰিষ্ট। নিজৰ কামৰ বাবে কম বয়সতে সুনাম অৰ্জন কৰিছে মোদিনী দে’ই। ৰহমানৰ বিচ্ছেদৰ কেইটামান ঘণ্টাৰ পিছতে মোহিনীয়েও তেওঁৰ সুৰকাৰ স্বামীৰ সৈতে বিচ্ছেদৰ কথা ঘোষণা কৰে। আৰু তাৰ পিছতে নানা বুবু-বাবা আৰম্ভ হৈছে। একাংশ লোকে আঙুলি তুলিবলৈ আৰম্ভ কৰে মোহিনীৰ দিশে। তেওঁলোকৰ ধাৰণা, মোহিনীৰ বাবেই ভাঙিল এ আৰ ৰহমানৰ সংসাৰ।
এই বিচ্ছেদক লৈ এ আৰ ৰহমানৰ পত্নীৰ অধিবক্তা বন্দনা শ্বাহে জনাইছে, দীৰ্ঘ তিক্ততাই এই বিচ্ছেদৰ নেপথ্যৰ কাৰণ। উভয় পক্ষই আপ্ৰাণ চেষ্টা কৰিছিল সেয়া দূৰ কৰিবলৈ। কিন্তু সেয়া সম্ভৱ নহ’ল। ফলত দীৰ্ঘদিনীয়া দাম্পত্য জীৱনৰ পিছত এই সিদ্ধান্ত ল’বলৈ যথেষ্ট কষ্ট হৈছে তেওঁৰ। কিন্তু ছায়ৰা অপাৰগ। তেওঁলোকৰ বিচ্ছেদৰ পিছত ছায়ৰাই বিপুল অংকৰ ধন লাভ কৰিব, তাক লৈ ইতিমধ্যে নানা কথা শুনা গৈছে বিভিন্ন মহলত। কিন্তু সেই সকলো কথা নস্যাৎ কৰে ছায়ৰাৰ আইনজীৱীয়ে। তেওঁ লগতে এই বিষয়টোও স্পষ্ট কৰিছে যে ৰহমান-ছায়ৰাৰ বিয়া ভাঙিলেও বন্ধুত্ব অটুট থাকিব। ইয়াৰ পিছত স্পষ্টকৈ তেওঁ জনায়, তেওঁলোকৰ এই বিচ্ছেদৰ সৈতে মোহিনীৰ কোনো সম্পৰ্ক নাই।
তেওঁলোকৰ অধিবক্তাৰ মতে, ‘‘ছায়ৰা আৰু মিষ্টাৰ ৰহমানে নিজেই এই সিদ্ধান্ত লৈছে। তেওঁলোকে মৰ্যাদাপূৰ্ণভাৱে এই সম্পৰ্ক শেষ কৰিছে। ৰহমান আৰু ছায়ৰাই সকলো সময়তে ইজনে সিজনক সন্মান কৰিব, মংগল কামনা কৰিব।’’