‘অসমৰ জনতা সদায় হিমন্ত বিশ্ব শৰ্মাৰ লগত, বিজেপিৰ লগত আছে’


 

শনিবাৰে ঘোষণা হ’ব উপ-নিৰ্বাচনৰ ফলাফল। ইতিমধ্যে ঝাড়খণ্ড আৰু মহাৰাষ্ট্ৰৰ নিৰ্বাচনী সমীক্ষা প্ৰকাশ পালে বুধবাৰে নিশা। নিৰ্বাচনী সমীক্ষা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে কেন্দ্ৰীয় বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। তেওঁ কয়, ‘এগজিট প’ল যথেষ্ট বিজ্ঞানসন্মত ভাৱে কৰা হয়। কেতিয়াবা মেচিনৰো ভুল হয়। সেইবিলাকৰ উৰ্ধ্বত হ’ল জনতাৰ ৰায়। অসমৰ লোক সদায় হিমন্ত বিশ্ব শৰ্মাৰ লগত, বিজেপিৰ লগত আছে। জনতাৰ ৰায়ৰ ওপৰত টিপ্পনী দিয়াটো দিগদাৰ।’


অসমত বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত তেওঁ কয়, ‘লোকসভা নিৰ্বাচনত সকলো বিৰোধী শক্তি এক হৈও তিনিখন আসনহে পালে, আমি পালো ১১খন। সেয়ে লুৰীণজ্যোতি গগৈ, গৌৰৱ গগৈৰ এই নেতৃত্ব সদায় থাকক, মোৰ ভগৱানৰ ওচৰত সেয়াই প্ৰাৰ্থনা। উপ-নিৰ্বাচনৰ ৫খন আসনত আমি ইতিবাচক ফলাফল আশা কৰিছোঁ। শনিবাৰে জনতাৰ ৰায় আমি দেখিম। প্ৰবল আত্মবিশ্বাস আছে। কিন্তু অহংকাৰেৰে নকওঁ আমি ৫খন পামেই বুলি।’

ইপিনে কৰিমগঞ্জ জিলাৰ নাম সলনি কৰাক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, ‘শ্ৰীভূমি কৰাক লৈ কেইজনমানেহে বিতৰ্ক কৰিছে, সেইবোৰ বহুতেই গুৰুত্ব দিয়া নাই। নাম যেনেদৰে সলাইছে সেইদৰে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং বৃদ্ধি পাইছে, তেনেদৰে ১ লাখ চাকৰিত নিযুক্তি দিয়া হৈছে, তেনেদৰে গঁড়ৰ হত্যা আজিৰ তাৰিখত শূন্য হৈছে, তেনেদৰে উগ্ৰপন্থী বুলি কোনো ব্যক্তি নিহত হোৱা নাই, পূৰ্বৰ মেডিকেল কলেজ ৬খনৰ পৰা ১৮খনলৈ বৃদ্ধি পাইছে।’

Post a Comment

Previous Post Next Post