শিৱসাগৰ জিলাত পুনৰ আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ। শিৱসাগৰ ডিমৌ ৰাজহ চক্ৰ এলেকাত আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে। ডিমৌ ইকৰাণী, বকতা, বৰ দেওধাই, জাপিহজিয়াত এই ৰোগৰ প্ৰাৰ্দুভাৱ পৰিলক্ষিত হৈছে।
আফ্ৰিকান ছোৱাইন ফিভাৰ ৰোধৰ স্বাৰ্থত জিলাখনত গাহৰি আৰু গাহৰি মাংসৰ পৰিবহন, কটা, বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। জিলা দণ্ডাধীশে এই সন্দৰ্ভত জাৰি কৰিলে নিষেধাজ্ঞা। পৰৱৰ্তী নিদেৰ্শনা নিদিয়ালৈকে বাহাল থাকিব এই নিষেধাজ্ঞা।
Tags:
Assam