Nainital AIDS : এগৰাকী কিশোৰীয়ে বিপদত পেলালে ১৯জন যুৱকক!


 

এগৰাকী কিশোৰী আৰু ১৯ জন যুৱক! এগৰাকী কিশোৰীৰ বাবে বিপদত পৰিছে ১৯জন যুৱক। কেৱল ১৯ জনেই নে! ১৯জন যুৱকৰ কথা পোহৰলৈ আহিছে, আৰু বা ক’তজন জীৱনজোৰা ব্যাধিৰ পাক চক্ৰত পৰিছে তাৰ সীমা সংখ্যা নাই। যুৱ সমাজৰ মাজত মাৰাত্মক ৰূপ লোৱা এই এই ঘটনাটোৱে সমগ্ৰ নাইনিতালত চেপা উত্তেজনাৰ সৃষ্টি কৰিছে।


পৰ্যটনক বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু উত্তৰাখণ্ডৰ নাইনিতাল। শেহতীয়াকৈ নাইনিতালৰ ৰামনগৰ হাস্পতালত বহু কেইগৰাকী যুৱক ভৰ্তি হৈছে। তীব্ৰ জ্বৰ তথা বিভিন্ন শাৰিৰীক অসুস্থতাৰ বাবে হাস্পতালখনত ভৰ্তি হ’বলগীয়া হৈছে ইগৰাকীৰ পাছত সিগৰাকী যুৱক। যোৱা চাৰি-পাঁচ মাহত হাস্পতালখনত একেবোৰ লক্ষণৰ বাবে ভৰ্তি হৈছে ১৯ গৰাকী যুৱক। ১৯ গৰাকী যুৱকৰে শাৰিৰীক পৰীক্ষা নিৰীক্ষাৰ অন্তত এটা কথাৰ মিল দেখা গ’ল। আটাইকেইগৰাকী HIV পজিটিভ। নাম ঠিকনা গোপনে ৰাখি জিলা চিকিৎসা বিষয়াৰ অধীনত ঘটনাৰ তদন্ত চলিল।

প্ৰকৃততে নাইনিটালত শেহতীয়াকৈ HIV পজিটিভ লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। এবছৰত গড়ে ১৭ গৰাকী HIV পজিটিভ ধৰা পৰা নাইনিতালত যোৱা ১৭ মাহত ৪৫ গৰাকী লোক HIV পজিটিভ ধৰা পৰিছে। হঠাতে HIV আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা ঘটনাই নাইনিতাল জিলা প্ৰশাসন তথা চিকিৎসা বিভাগক চিন্তিত কৰি তুলিছিল। যোৱা পাঁচ মাহত ৰামনগৰ হাস্পতালত ভৰ্তি হোৱা ১৯জন যুৱকক পৃথকে পৃথকে সোধা-পোছা কৰা হ’ল। সোধা-পোছাত যুৱককেইজনে বহু কথা ক’লে যদিও তাতো আটাইকেইজনৰে এটা মিল পোৱা গ’ল। আটাইকেইজনে ক’লে এগৰাকী কিশোৰীৰ কথা। ১৭ বছৰীয়া এগৰাকী কিশোৰীৰ কথা। আটাইকেইজন যুৱকে ১৭ বছৰীয়া কিশোৰী গৰাকীৰ সৈতে শাৰিৰীক সম্পৰ্ক কৰিছিল।


পোহৰলৈ আহিল আৰু নতুন নতুন চাঞ্চল্যকৰ তথ্য। ১৭ বছৰীয়া কিশোৰীগৰাকীয়ে ১৯ গৰাকী যুৱকৰ সৈতে শাৰিৰীক সম্পৰ্ক কৰিছে। কেৱল ১৯ জন যুৱকৰ সৈতেই শাৰিৰীক সম্পৰ্ক কৰিছেনে? ১৯জন যুৱক চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হোৱা কাৰণে তেওঁলোকৰ কথা পোহৰলৈ আহিছে। প্ৰকৃতে কিশোৰীগৰাকীয়ে শাৰিৰীক সম্পৰ্ক কৰিছে আৰু বহুজনৰে। তাৰ লেখ জোখ নিজৰ হাততো নাই! কিন্তু কি পৰিস্থিতিত, কিয় ১৭ বছৰ বয়সতে এই পন্থা বাচি লৈছে?

Post a Comment

Previous Post Next Post