Extramarital affairs: পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি! প্ৰেমিকাৰে মিলি পত্নীৰ জীৱন কাঢ়ি লোৱা কোন এই প্ৰদ্যুম্ন দাস?



এটা চাঞ্চল্যকৰ ঘটনা। পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি। দুগৰাকী প্ৰেমিকাৰে মিলি স্বামীয়ে হত্যা কৰিলে পত্নীক। প্ৰেমিকাৰ সৈতে বাঢ়ি গৈছিল মৰম। বিপৰীতে, পত্নীৰ সৈতে বাঢ়ি গৈছিল মানসিক দুৰত্ব। লাহে-লাহে অৱহেলা আৰু মানসিক অত্যাচাৰৰো সন্মুখীন হৈছিল পত্নী। পৰিণতিত পত্নীৰ অকাল-অনাকাংক্ষিত মৃত্যু। স্বামীৰ হাতত প্ৰাণ হেৰুৱালে পত্নীয়ে।


বিবাহ বহিৰ্ভূত সম্পৰ্কৰ বিষয়ে জানিবলৈ পোৱাৰ পাছত দুজন প্ৰেমিকাৰ সহায়ত পত্নীক হত্যা কৰাৰ অভিযোগত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্ত প্ৰদ্যুম্ন কুমাৰ দাসক সহায় কৰা মহিলা দুগৰাকীকো গ্ৰেপ্তাৰ কৰা হৈছে। শোভাশ্ৰী নামৰ ভুক্তভোগী মহিলাগৰাকীৰ ২৮ অক্টোবৰত মৃত্যু হয়। বিষয়টো পোহৰলৈ আহিছিল যেতিয়া প্ৰদ্যুম্নই তেওঁৰ পত্নীক চিকিৎসালয়লৈ লৈ গৈছিল আৰু পত্নীয়ে চৰম পন্থা গ্ৰহণৰ চেষ্টা চলোৱা বুলি দাবী কৰিছিল। অৱশ্যে, চিকিৎসালয়ত উপস্থিত হোৱাৰ পাছত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। দাসে সেইদিনাই তেওঁৰ পত্নীৰ চৰম পন্থাৰ চেষ্টাৰ বিষয়ে আৰক্ষীক অৱগত কৰায়। আৰক্ষীয়ে ‘অস্বাভাৱিক মৃত্যু’ৰ এটা গোচৰ ৰুজু কৰে আৰু তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।


মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে পোহৰলৈ আহে চাঞ্চল্যকৰ তথ্য। মহিলাগৰাকীৰ হাত আৰু ডিঙিত আঘাতৰ চিহ্ন দেখা গৈছিল। মৰণোত্তৰ প্ৰতিবেদনে নিশ্চিত কৰে যে এনাস্থেচিয়াৰ অত্যধিক পৰিমাণৰ ফলত তেওঁৰ মৃত্যু হৈছিল। মৰণোত্তৰ পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে দাসক সোধা-পোছা কৰে। আৰক্ষীৰ জেৰাত প্ৰদ্যুম্নই অপৰাধ স্বীকাৰ কৰে।


তেওঁ আন দুগৰাকী মহিলাৰ সৈতে জড়িত থকাৰ কথা স্বীকাৰ কৰে আৰু তেওঁলোকৰ সহায়ত তেওঁৰ পত্নীক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচা বুলি সদৰী কৰে। আৰক্ষীৰ অনুসন্ধান অনুসৰি, দাসৰ দুগৰাকী মহিলাৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক আছিল। যেতিয়া তেওঁৰ পত্নীয়ে তেওঁৰ সম্পৰ্কৰ বিষয়ে জানিছিল, তাৰ পাছৰে পৰা তেওঁলোকৰ মাজত সঘনাই কাজিয়া লাগিছিল। যোৱা আঠ মাহ ধৰি শোভাশ্ৰীয়ে তেওঁৰ পিতৃ-মাতৃৰ ঘৰত বাস কৰি আছিল।

Post a Comment

Previous Post Next Post