Garfa woman death : পুৰুষ সংগীৰ ফ্লেটত ৰঙীন পাৰ্টী, মৰ্মান্তিক পৰিণতি যুৱতীৰ!


 

পুৰুষ সংগীৰ ফ্লেটত এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যু। বৃহস্পতিবাৰে সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। বৃহস্পতিবাৰে নিজৰ প্ৰেমিকৰ ফ্লেটলৈ আহিছিল ৩৫ বছৰীয়া যুৱতীগৰাকী। ফ্লেটতে যুৱকজনৰ সৈতে মদ্যপান কৰে যুৱতীগৰাকীয়ে। গান বজাই নাচিছিলো ফ্লেটৰ ভিতৰত। কিন্তু তাৰ পিছতে সংঘটিত হৈছিল ভয়ংকৰ ঘটনা।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কলকাতাৰ গড়ফা অঞ্চলত। গড়ফাৰ শ্বহীদ নগৰ অঞ্চলত নিজৰ প্ৰেমিকৰ ফ্লেটলৈ আহিছিল যুৱতীগৰাকী। ফ্লেটৰ ভিতৰত প্ৰেমিকৰ সৈতে পাৰ্টী কৰাৰ লগতে নাচি-বাগি আনন্দ কৰিছিল। কিন্তু তাৰ পিছত সংঘটিত হ’ল কল্পনাতীত ঘটনা।

ইতিমধ্যে যুৱতীগৰাকীৰ প্ৰেমিকক সোধা-পোছা আৰম্ভ কৰিছে আৰক্ষীয়ে। ধৃত যুৱকজনৰ মাতৃয়ে জনাইছে, বৃহস্পতিবাৰে সন্ধিয়া কালীপূজাৰ দিনা ফ্লেটলৈ আহিছিল যুৱতীগৰাকী। দুবছৰ পূৰ্বে দুয়োৰে পৰিচয় হৈছিল। মৃত যুৱতীগৰাকীও একেটা অঞ্চলৰে বাসিন্দা। দুয়োটা পৰিয়ালৰ মাজত যথেষ্ট ভাল সম্পৰ্কও আছিল বুলি জনাইছে মহিলাগৰাকীয়ে।

কিন্তু যুৱতীগৰাকীয়ে নিয়মিত মদ্যপান কৰিছিল বুলি জনাইছে যুৱকজনৰ মাতৃয়ে। তেওঁ কয়, বৃহস্পতিবাৰে নিশা ১১ বজাত তেওঁ দেখিবলৈ পায় যে সেই যুৱতীগৰাকী তেওঁলোকৰ ঘৰৰ পিছনাত শুই আছে। শুকুৰবাৰে পুৱা তেওঁ আৰু তেওঁৰ পুত্ৰ চিকিৎসকৰ ওচৰলৈ গৈছিল। ঘূৰি আহিও যুৱতীগৰাকীক একে অৱস্থাত পৰি থকা দেখি সন্দেহ হয় তেওঁলোকৰ। ইয়াৰ পিছতে যুৱতীগৰাকীৰ ভগ্নীক খবৰ দিয়া হয়। খবৰ পাই উপস্থিত হয় আৰক্ষীও। ইয়াৰ পিছত এম আৰ বাঙুৰ হাস্পতাললৈ লৈ যোৱা হয় যুৱতীগৰাকীক। কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে যুৱতীগৰাকীক।

কিন্তু যুৱতীগৰাকীৰ পৰিয়ালৰ ফালৰ পৰা এতিয়ালৈ কোনো অভিযোগ দাখিল কৰা নাই আৰক্ষীক। আৰক্ষীয়ে স্বতঃপ্ৰণোদিত তদন্ত আৰম্ভ কৰিছে। যুৱতীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্ট আহিলেই মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব। অতিৰিক্ত সুৰাপানৰ ফলত নে আন কাৰণত মৃত্যু হৈছে, তাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Post a Comment

Previous Post Next Post