১০৬ বছৰীয়া হ’ল অসম সাহিত্য। লুইতেদি বহু পানী বৈ গ’ল, অসম সাহিত্য সভায়ো জাতিক অৱদান দিলে বহুকেইজন বৰেণ্য পণ্ডিত, সাহিত্যিকক। প্ৰাক স্বাধীনোত্তৰ কালৰে পৰা অসমীয়া জাতি গঠনত সাহিত্য সভাৰ অৱদান অনস্বীকাৰ্য। ১৯১৭ চনত গঠন হোৱা অসম সাহিত্য সভাই শতবৰ্ষ অতিক্ৰম কৰাৰ পাছত এতিয়া যেন ক্ৰমাৎ গৰিমা হেৰুওৱাৰ পথত।
প্ৰকৃতাৰ্থত হেৰুবাৱলৈ একোৱেই বাকী নাই এতিয়া সাহিত্য সভাই। এসময়ত পদ্মনাথ গোহাঞিবৰুৱা, শৰৎ চন্দ্ৰ গোস্বামীৰ দৰে বৰেণ্য বক্তিত্বই গুৰি বঠা ধৰি অসমীয়াৰ বুকুত প্ৰাণ প্ৰতিষ্ঠা কৰা সাহিত্য সভা এতিয়া ৰাজনীতিৰ যেন আখৰাথলী। সাহিত্য, সংস্কৃতিৰ কাম বাদ দি ৰাজনীতিৰ বোকাত লুটুৰি-পুতুৰি কৰিছে সাহিত্য সভাক, এই অভিযোগ আজিৰ নহয়, বহু ক্ষেত্ৰত অসমীয়া ৰাইজে দেখি আহিছে কি ঘটি আছে অসম সাহিত্য সভাত।
অসমীয়া সাহিত্য জগতৰ বাবে কি কৰিব, কেনেকৈ কৰ্মপন্থা গ্ৰহণ কৰিব তাৰ বিপৰীতে সাহিত্য সভাত চলি আছে মই কেনেকৈ সভাপতি হওঁ, কেনেকৈ সম্পাদক হওঁ তাৰ কুচকাৱাজ। এইধৰণৰ স্বাৰ্থক লৈহে একাংশ সাহিত্যিক নামধাৰী অথবা নিজকে সাহিত্যৰ ছাত্ৰ বুলি দাবী কৰা লোকে বোকা খিচি আছে সাহিত্য সভাৰ মজিয়াত। সাহিত্যিক নহ’লে কি হ’ব? নিজকে সাহিত্যৰ ছাত্ৰ বুলি দাবী কৰা একাংশয়ো সাহিত্য সভাৰ সভাপতি, সম্পাদক হ’বলৈ মন মেলে। সোঁৱে-বাৱে শাখাসমূহক হাত কৰি নিজকে সভাপতি, সম্পাদকৰ আসনখনত দেখাৰ সপোন দেখে আজিৰ দিনত।
যিটো অনুষ্ঠানৰ নেতৃত্ব দিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, চৈয়দ আব্দুল মালিক, মিত্ৰদেৱ মহন্ত, প্ৰসন্নলাল চৌধুৰী, যোগেশ দাস, নিৰ্মলপ্ৰভা বৰদলৈ, চন্দ্ৰপ্ৰসাদ শইকীয়া, হোমেন বৰগোহাঞি, বীৰেন্দ্ৰনাথ দত্ত, চন্দ্ৰ প্ৰসাদ শইকীয়া, ইমৰাণ শ্বাহ, ৰংবং তেৰাং আদিকে বহুকেইজন বৰেণ্য ব্যক্তিয়ে। বটবৃক্ষসদৃশ এইসকল ব্যক্তিৰ ছাঁৰ তলত সাহিত্য সভাই লাভ কৰিছিল বিশেষ গৰিমা। উজলি উঠিছিল সাহিত্য সভা নামৰ অসমীয়াৰ বুকুৰ অনুষ্ঠানভাগ। কিন্তু আজি সাহিত্য সভাত কি চলিছে। পদবীক লৈ সাহিত্য সভাত খোৱা-কামোৰা, বক্ৰ পথেৰে সভাপতি, সম্পাদক হোৱাৰ আখৰা, পূৰ্বে হোৱাই নোহোৱাই অসম সাহিত্য সভাত একাংশ লোকে শাখা খুলি ভোটবেংক বনোৱাৰ কথাও চৰ্চা চলে বা দেখি আহিছে।
আজিৰ সাহিত্য সভাৰ আৰু তাহানিৰ সাহিত্য সভাৰ মাজত আকাশ পাতাল প্ৰভেদ আহি পৰিছে। মূৰৰ পৰাই গেলিছে সাহিত্য সভা, যাৰ কোনো নিৰাময়ৰ উপাই দেখা পোৱা নাই অসমীয়া ৰাইজে। শেহতীয়াকৈ অসম সাহিত্য সভাই ৰচিলে বিতৰ্কৰ নতুন অভিলেখ। নিজেই পৰীক্ষা পাতি নিজেই নম্বৰ দি উত্তীৰ্ণ হোৱাৰ দৰে প্ৰাৰ্থী পেনেল বনাই শতিকাৰ ভিতৰতে অভিলেখ ৰচিবলৈ সক্ষম হৈছে। যি অভিলেখ আজিলৈকে কোনো এখন সভায়ে ৰচিবলৈ সক্ষম হোৱা নাছিল।
প্ৰাৰ্থী পেনেলৰ সৰ্বোচ্চ ক্ষমতা থকা উচ্চ ক্ষমতাসম্পন্ন কমিটীৰ সদস্যই নিজৰ নাম নিজেই প্ৰস্তাৱ কৰি উদঙাই দিলে সাহিত্য সভাত প্ৰকৃততে কি চলি আছে। কিমান তললৈ যাব পাৰে সভাপতি সম্পাদকৰ দৰে সন্মানীয় আসনখনৰ বাবে। বাছনি সমিতিৰ দুজন অন্যতম সদস্য ড০ নাহেন্দ্ৰ পাদুন আৰু ড০ গিৰীশ সন্দিকৈৰ নাম সোমাল সভাপতিৰ পেনেলত। সাতজনীয়া সমিতিৰ দুজন হ’ব এইবাৰৰ অসম সাহিত্য সভাৰ নিৰ্বাচনৰ সভাপতি পদৰ প্ৰাৰ্থী। ইয়াৰ ভিতৰত ড০ গিৰীশ সন্দিকৈ সাহিত্য সভাৰ বৰ্তমানৰ উপ-সভাপতি আৰু ড০ নাহেন্দ্ৰ পাদুন হৈছে উচ্চস্তৰীয় কমিটীৰ সদস্য। অসমীয়া জাতিক ইয়াতকৈ আৰু কি উপহাৰ দিব পাৰে অসম সাহিত্য সভাই? গিৰীশ সন্দিকৈ আৰু নাহেন্দ্ৰ পাদুনৰ লগতে নাম আছে বিশিষ্ট সাহিত্যিক অৰূপা পটংগীয়া কলিতা, ড০ হিতেশ ডেকা আৰু ড০ লীলাৱতী শইকীয়া বৰাৰ।
মন কৰিবলগীয়া কথা যে, তালিকাখন প্ৰস্তুত কৰাৰ আঁৰত নিহিত হৈ আছে কেইবাটাও কাৰণ। ড০ হিতেশ ডেকাৰ পাঁচখন মৌলিক গ্ৰন্থ নথকা সত্ত্বেও সভাপতিৰ পেনেলত অন্তৰ্ভুক্ত কৰিছিল নাম। একেদৰে বয়সে গৰকা শ্ৰদ্ধাৰ ড০ লীলাৱতী শইকীয়া বৰায়ো যে সভাপতি পদৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব সেয়া মনে নধৰে। বিপৰীতে বিশিষ্ট সাহিত্যিক অৰূপা পটংগীয়া কলিতা বিগত সময়ত অসম সাহিত্য সভাৰ প্ৰতি সোচ্চাৰ হৈ আহিছে। গতিকে তেওঁ হয়তো সাহিত্য সভাৰ বিতৰ্কৰ সৈতে জড়িত হৈ নিজৰ ব্যক্তিত্বত আঁচোৰ পৰিবলৈ নিদিয়াটোৱেই পূৰামাত্ৰে সম্ভাৱনা আছে। গতিকে যিসকলে অতি চাতুৰ্যতাৰে সভাপতিৰ পেনেল প্ৰস্তুত কৰিছিল তাৰ ভিতৰত যে লাভান্বিত হ’ব অকল ড০ নাহেন্দ্ৰ পাদুন আৰু বৰ্তমানৰ সাহিত্য সভাৰ উপ-সভাপতি ড০ গিৰীশ সন্দিকৈ ইয়াত কোনো দ্বিমত নাই। তাতকৈ অকণমান আগলৈ গৈ যদি চোৱা যায় তেনেহ’লে ড০ নাহেন্দ্ৰ পাদুনো শাৰিৰীকভাৱে কিছু অসুস্থ গতিকে তেওঁ যদি আঁতৰি যায় তেনেহ’লে বৰ্তমানৰ উপ-সভাপতি গিৰীশ সন্দিকৈৰ বাট নিষ্কণ্টক হোৱাটো প্ৰায় খাটাং। অৱশ্যে এনেধৰণৰ আলোচনাৰ সত্যাসত্য প্ৰমাণিত হ’ব মনোনয়ন পৰ্বৰ পাছতে।
যিকি নহওক এসময়ত বৰেণ্য সাহিত্যকৰ সৃষ্টিৰ আখৰাথলী এতিয়া ঘূণে ধৰিলে। দুই চাৰিখন কিতাপ লিখি এতিয়া সাহিত্য সভাৰ সভাপতি হ’বলৈ মন মেলা লোকৰ শাৰীটো ক্ৰমাৎ দীঘলীয়া হৈ গৈ আছে। এতিয়া বৌদ্ধিকভাৱে পৰিপূষ্ট নহ’লেও পিছদুৱাৰৰ ৰাজনীতিৰে অসম সাহিত্য সভাৰ সভাপতি, সম্পাদক হোৱাৰ দৌৰ চলিছে। যাৰ বাবে তাহানিৰ সাহিত্য সভাক লৈ অসমৰ ৰাইজে এতিয়া আবেগিক নহয়। ৰাজনীতিত লুটুৰি পুতুৰি সাহিত্য সভাৰ মজিয়াত কি চলি আছে সেয়া ৰাইজে দেখি আহিছে। তাৰ পাছতো আজিলৈকে কোনো এজন আগবাঢ়ি নাহিল সাহিত্য সভাৰ সংস্কাৰৰ বাবে, অথবা হৃত গৌৰৱ উদ্ধাৰৰ বাবে।
কুল শইকীয়া দেৱ সভাপতি হোৱাৰ পাছত কিছু আশাৰ সঞ্চাৰ হৈছিল যদিও বিভিন্ন কাৰণত লবী ৰাজনীতিৰ বাবেই হয়তো ৰাইজে প্ৰশংসা কৰিব পৰাকৈ অকলে পদক্ষেপ ল’ব নোৱাৰিলে। ৰাইজৰ এই অভিযোগ কুল শইকীয়া দেৱৰ প্ৰতি থাকি যাব। কিয়নো আশা কৰা ধৰণে সাহিত্য সভাৰ মজিয়াখন সংশোধন নহ’ল আজিও। শেহতীয়া প্ৰাৰ্থী পেনেলৰ বিতৰ্কই বুজাই দিলে প্ৰকৃততে সাহিত্য সভাত চলি থকা কৰ্মকাণ্ডৰ কথা। হীৰেণ ভট্টাচাৰ্য, মামনি ৰয়ছম গোস্বামী, জ্ঞানপীঠ বিজয়ী বৰেণ্য সাহিত্যিক নীলমণি ফুকনৰ ব্যক্তিত্বৰ ছাঁৰ পৰা কিয় বঞ্চিত হ’বলগীয়া হৈছিল অসম সাহিত্য সভা? সাহিত্যিক নামধাৰী একাংশ ধুৰন্ধৰ ব্যক্তিৰ কূটিল ৰাজনীতিৰ বাবেই এইসকল ব্যক্তি সাহিত্য সভাৰ সভাপতিৰ দৰে সন্মানীয় আসনত দেখা নাপালে অসমৰ ৰাইজে। যাৰ সৃষ্টি দেশ-বিদেশত সমাদৃত, যাৰ সৃষ্টি পৃথিৱীৰ অন্য ভাষালৈ অনুদিত হয় তেওঁলোক ক’ৰবাতে থাকে। তাৰ বিপৰীতে সাহিত্য সভাৰ সভাপতি, সম্পাদক হ’বলৈ মন মেলে যেনে তেনে পাঁচখন মৌলিক কিতাপ লিখা ব্যক্তিও। ব্যক্তিত্ব আৰু কৃতিৰে নহয়, এতিয়া ৰাজনীতিত সিদ্ধহস্ত হ’লে ৰাইজে মনেৰে গ্ৰহণ নকৰিলেও অসম সাহিত্য সভাৰ সভাপতি হ’বলৈ আগবাঢ়ি আহে একাংশ। উদাহৰণ আছে বিগত সময়ত এনেধৰনৰ কাণ্ডৰ।