দীপাৱলীৰ পিছত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে দেশৰ কেবাখনো চহৰত। দেশৰ আন আন চহৰৰ তুলনাত অসমত এইবাৰ তুলনামূলকভাৱে হ্ৰাস পাইছে বায়ু প্ৰদূষণৰ মাত্ৰা। দীপাবলীৰ সময়ত এইবেলি গুৱাহাটীটো হ্ৰাস পাইছে বায়ু প্ৰদূষণৰ মাত্ৰা। দীপাৱলীৰ সময়ত প্ৰদূষণক লৈ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বিষয়াৰ মন্তব্য অসম প্ৰদূষণৰ নিয়ন্ত্ৰণ পৰিষদৰ বায়ু তথা শব্দ প্ৰদূষণৰ সমীক্ষা অনুসৰি এইবাৰ দীপাৱলীৰ সময়ত গুৱাহাটীৰ বায়ু মান সূচাংক ১৫৪।
বিগত বৰ্ষত দীপাৱলীৰ সময়ত গুৱাহাটীৰ বায়ুমান সূচাংক(AQI) আছিল ২৩৪। এইবাৰৰ দীপাৱালীত ৰিহাবাৰীত শব্দ প্ৰদূষণৰ মাত্ৰা হ’ল ৬৮.৪ ডি বি এয়ে। গণেশগুৰিত আছিল ৭১.৪ ডি বি এ। পানবজাৰত শব্দ প্ৰদূষণৰ ডি বি এ আছিল ৭৩। এইসমূহৰ মাজতে,গুৱাহাটীৰ বিমানবন্দৰৰ কেইবনো বিমান পলকৈ অৱতৰণ কৰা আৰু বাতিল হোৱাৰ মূল কাৰণ প্ৰদূষণ নহয় বুলি মন্তব্য প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ।
আনহাতে ৰাজ্যৰ প্ৰদূষণৰ সমীক্ষা ভিত্তিত সৰ্বাধিক বায়ু প্ৰদূষিত জিলা নগাঁৱৰ বায়ু মান সূচাংক ১৯০। দ্বিতীয় প্ৰদূষিত জিলা নলবাৰী। তুলনামূলকভাবে গুৱাহাটীত এইবেলি বায়ু প্ৰদূষণৰ মাত্ৰা পূৰ্বৰ তুলনাত কিছু কম।পূৰ্বৰ তুলনাত হ্ৰাস হৈছে ফটকা ফুটুৱাৰো সংখ্যা। সচেতনতা বৃদ্ধি পাইছে ৰাইজৰ মাজত লগতে প্ৰদূষণক লৈ এইবাৰ সজাগ হৈছে ৰাজ্যবাসী।