Dipankar Barman: ইনষ্টাত মেছেজ কৰি ধৰা পৰিল দীপাংকৰ!



 ১৮ আগষ্টৰ দিনা গুৱাহাটী বিমান বন্দৰৰ পৰা টুৰিষ্টৰ বেশেৰে মুম্বাইলৈ উৰা মাৰিছিল বিনিয়োগকাৰীৰ পৰা ৭০০০ কোটি টকা লুটা দীপাংকৰ বৰ্মনে। মায়া নগৰীৰ মৌ চুহি কেইদিনৰ মানৰ পাছত দীপাংকৰে আশ্ৰয় লৈছিল ভাৰতৰ অন্যতম টুৰিষ্ট ডেষ্টিনেশ্যন গোৱাত। আৰৱ সাগৰৰ পাৰৰ কেইবাটাও বিলাসী ৰিজ’ৰ্ট আৰু হোমষ্টেত সলনা সলনিকৈ পলাতক জীৱন উদযাপন কৰিছিল দীপাংকৰ বৰ্মনে। গুৱাহাটীত দেউতাক, মাকৰ লগতে প্ৰেয়সী গ্ৰেপ্তাৰ হৈ জে’লৰ ভাত খাই থকাৰ পাছতো বিলাস কমা নাছিল দীপাংকৰৰ।


শয়নে-সপোনে গুৱাহাটীৰ গোপন ঠিকনাত লুকুৱাই থোৱা কোটি কোটি টকা নিজৰ হাতলৈ নিয়াৰ পৰিকল্পনা ৰচিছিল মহা প্ৰৱঞ্চকটোৱে। এই পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ দীপাংকৰে বাচি ল’লে বাগদত্তা মনালিচা দাসৰ ভগ্নী অঞ্জলী দাসক।

খুলশালী অঞ্জলীৰ সৈতে কি সম্পৰ্ক দীপাংকৰৰ?

বিনিয়োগকাৰীৰ হেঁচাৰ পৰা ৰক্ষা পৰাৰ উপাই উলিয়াবলৈ ১৭ আগষ্টত গুৱাহাটীৰ কোনো গোপন স্থানত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছিল দীপাংকৰ বৰ্মন এণ্ড কোম্পানী। সেই বৈঠকত দীপাংকৰৰ লগতে উপস্থিত আছিল বাগদত্তা মনালিচা দাস, দালাল চাইবুৰ ৰহমান আৰু একাউনটেণ্ট জিণ্টু মণি কলিতা। সেই বৈঠকতে দীপাংকৰক পলাই যোৱাৰ পৰামৰ্শ দিছিল প্ৰতিজন সহযোগীয়ে। পলোৱাৰ সিদ্ধান্ত চুড়ান্ত হোৱাৰ পাছত সতীৰ্থৰ সংগ এৰি হ’ব লগা খুলশালীৰ লগ লাগিছিল ধুৰন্ধৰৰ শিৰোমণি দীপাংকৰ বৰ্মন।

পাছদিনা হ’ব লগা খুলশালী অঞ্জলী দাসে মুম্বাইলৈ বুলি দীপাংকৰক চি অফ কৰি আহিছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত। বিমান বন্দৰৰ পৰা খাৰঘূলিৰ ঘৰলৈ উভতি অহাৰ বাটত চূড়ান্ত হৈছিল প্ৰৱঞ্চক গেঙৰ আন এক পৰিকল্পনা। সেই পৰিকল্পনা মতে এদিন পাছত আত্মসমৰ্পণ কৰিছিল দীপাংকৰৰ বাগদত্তা মনালিচা দাসে।

মনালিচাৰ গ্ৰেপ্তাৰৰ পাছত কি কৰিলে ভনীয়েক অঞ্জলীয়ে?

আত্মসমৰ্পণ কৰাৰ পাছত জে’লত সোমাল মনালিচা দাস। তেতিয়াও হাজাৰ হাজাৰ বিনিয়োগৰাকীয়ে ভীৰ কৰিবলৈ নেৰিলে দীপাংকৰৰ লগতে মনালিচাৰ খাৰঘূলিৰ বাসগৃহত। বিনিয়োগকাৰীৰ ৰুদ্ৰমুৰ্তিতো বিতত নহৈ দীপাংকৰে লুকুৱাই থোৱা ধন গোটোৱাত লাগিল অঞ্জলীয়ে। মনালিচা আৰু দীপাংকৰক লৈ সকলো ব্যস্ত হৈ থকাৰ সময়তে লুকুৱাই থোৱা ঠাইৰ পৰা কোটিৰ ঘৰত ধন গোটাই আনিলে অঞ্জলী দাসে।

তাৰমাজতে গোৱাৰ পৰা আনৰ একাউণ্টেৰে অঞ্জলীৰ ইনষ্টালৈ মেছেজৰ আদান প্ৰদান আৰম্ভ কৰিেল দীপাংকৰে। মহানগৰ আৰক্ষীৰ চাইবাৰ চেলৰ শেন চকুৰ পৰা সাৰি যাব নোৱাৰিলে অঞ্জলিৰ ইনষ্টাগ্ৰামৰ ইনবক্সত দিয়া দীপাংকৰৰ মেছেজ। ইনষ্টাৰ মেছেজ কেইটা ডিক’ড কৰাৰ পাছতে মাছে খুটিবলৈ বৰশীৰ ৰছিডাল ঢিলাই দিলে আৰক্ষীয়ে। হ’ব লগা ভিনিহিয়েকৰ নিৰ্দেশতে গুৱাহাটীৰ পৰা হাৱালাযোগে দীপাংকৰলৈ বুজন পৰিমাণৰ ধন পঠাই দিলে অঞ্জলীয়ে। হাৱালা যোগে ধনৰ লেনদেন চলি থাকোতেই গোৱা পালেগৈ মহানগৰ আৰক্ষীৰ এটা দল। আন এটা দলে জেৰা চলালে অঞ্জলীক।

Post a Comment

Previous Post Next Post