কিলাৰ হাইৱে’ত থান-বান হৈ গ’ল এখন ঘৰ, শেষ হৈ গ’ল এটি ভৱিষ্যৎ। মঙলদৈৰ শোকাৱহ পথত দুৰ্ঘটনাত থিতাতে নিহত পিতৃ-কন্যা। ৰৈ থকা ট্ৰাকত খুন্দাত পিতৃ আৰু কন্যাৰ স্কুটীৰ। থিতাতে নিহত হয় পিতৃ মথুৰা নাথ ডেকা আৰু কন্যা নন্দিতা ডেকা।
দুৰ্ঘটনাত নিহত হোৱা নন্দিতা ডেকা আছিল গুৱাহাটী বিশ্ববিদ্যালয় ইংৰাজী বিষয়ৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী। বহু আশা লৈ মঙলদৈৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈ উচ্চ শিক্ষাৰ বাবে আহিছিল নন্দিতা ডেকা। দীপাৱলীলৈ বন্ধৰ বাবে গুৱাহাটীৰ পৰা কন্যাক নিবলৈ আহিছিল পিতৃয়ে। পিতৃৰ সৈতে ঘৰলৈ বুলি বাট বুলিছিল পিতৃ-কন্যাই। আশা আছিল পৰিয়ালৰ সৈতে উদযাপন কৰিব পোহৰৰ উৎসৱ দীপাৱলী। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস। ঘৰৰ পাবলৈ মাত্ৰ কেই কিলোমিটাৰ বাকী থকাৰ পূৰ্বে কিলাৰ হাইৱে’ত পথ দুৰ্ঘটনাত হৈ মৃত্যুক আঁকোৱালি ল’লে পিতৃ-কন্যাই।
নন্দিতাক সকলোৱে মৰমতে মুনু বুলি মাতিছিল। সৰুৰে পৰা বৰ অমায়িক আছিল নন্দিতা ডেকা। আনফালে নন্দিতা পিতৃ মথুৰা নাথ ডেকা আছিল আৰক্ষীয়ে বিশেষ শাখাৰ অৱসৰপ্ৰাপ্ত বিষয়া। নন্দিতা ডেকা আৰু মথুৰা নাথ ডেকাৰ অকাল মৃত্যু শোকৰ ছাঁ পৰিছে সমগ্ৰ মঙলদৈত।
উল্লেখ্য যে মঙলদৈৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বিগত কিছুদিন বহুকেইটা পথ দুৰ্ঘটনা সংঘটিত হৈছে। আনফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে দেখা গ’ল মঙলদৈ আৰক্ষীৰ বৰ্বৰতা। দুৰ্ঘটনাৰ পাছত ৰাজপথত চোঁচৰাই নিলে পিতৃ-কন্যাৰ মৃতদেহ। পলিথিনেৰে বান্ধি চোঁচৰাই নি মৃতদেহ উঠালে বাহনত। মৃতদেহক সামান্য সন্মান জনোৱাৰ শিষ্টাচাৰো নেদেখুৱালে আৰক্ষীয়ে। মঙলদৈ আৰক্ষীৰ গৰ্হিত কাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া।