Restaurants Seal: ৰেষ্টুৰেণ্টৰ মেন্যুত সুস্বাদু খাদ্যৰ তালিকা, নিশা ৰেষ্টুৰেণ্টৰ পাকঘৰৰ ভিতৰলৈ সোমাই গ’ল প্ৰশাসনৰ লোক



 আপোনজনৰ সৈতে গুৱাহাটীৰ ৰেষ্টুৰেণ্টত খাদ্য খাই নেকি? তেন্তে আপুনি সাৱধান হওক। গুৱাহাটীৰ ৰেষ্টুৰেণ্টত খাদ্য খোৱাৰ পূৰ্বে হাজাৰবাৰ চিন্তা কৰক। আপোনাৰ অকণমান আনন্দই বিপদ মাতিব পাৰে জীৱনলৈ! বাহিৰত সুস্বাদু, দেখিলে জিভাৰ পানী পৰা খাদ্য কি পৰিৱেশত প্ৰস্তত কৰা হয় আপুনি জানেনে?


বাহিৰত সুন্দৰ-সুস্বাদু খাদ্যৰ ব্যঞ্জন। চিকেনৰ পৰা পনীৰলৈ বিভিন্ন সুস্বাদু খাদ্য পোহাৰ। সুস্বাদু খাদ্যৰ দেখিলে জিভাৰ পানী পৰে সকলোৰে। কিন্তু কি পৰিৱেশত নিৰ্মাণ হয় গুৱাহাটী ৰেষ্টুৰেণ্টৰ খাদ্য?

মহানগৰীৰ কেইবাখনো ৰেষ্টুৰেণ্টত নিশা GMCএ চলালে অভিযান। অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্ৰস্তুতৰ অভিযোগত মহানগৰীৰ একাংশ হোটেল-ৰেষ্টুৰেণ্ট অভিযান চলালে GMCএ। ৰেষ্টুৰেণ্টৰ সুস্বাদু খাদ্য প্ৰস্তুত কৰা স্থান দেখি চকু কপালত উঠিল অভিযানকাৰীৰ দলৰ। অভিযানকাৰী দলটোৱে প্ৰত্যক্ষ কৰে খোৱাৰ অনুপযোগী খাদ্য। অভিযানত ছীল দুখনকৈ ৰেষ্টুৰেণ্ট। খীষ্ট্ৰানবস্তিৰ কেৰী বেৰী আৰু তনডুজিং নামৰ ৰেষ্টুৰেণ্ট দুখন ছীল কৰিলে GMCএ।

প্ৰশাসনে ছীল কৰা ৰেষ্টুৰেণ্টসমূহত খাদ্যৰ প্ৰস্তুত কৰি ৰখা পাত্ৰৰ ওপৰত নাছিল কোনো ঢাকনিৰ ব্যৱস্থা। একেবাৰে কদৰ্য-লেতেৰা পৰিৱেশত প্ৰস্তুত কৰিছিল খাদ্য। উল্লেখ্য যে গুৱাহাটীৰ এইসমূহ ৰেষ্টুৰেণ্ট দোভাগ নিশালৈ বহুলোক খাদ্য গ্ৰহণ কৰে। বহুলোকে আপোনজনৰ সৈতে সুস্বাদু খাদ্য ক্ৰয় কৰে ৰেষ্টৰেণ্টু সমূহৰ পৰা। কিন্তু গ্ৰাহকৰ স্বাস্থ্যৰ কথা চিন্তা নকৰি কেৱল মুনাফা লাভৰ স্বাৰ্থত স্বাস্থ্য অস্বাস্থ্যকৰ পৰিৱেশত প্ৰস্তুত কৰিছিল খাদ্য।

Post a Comment

Previous Post Next Post