Ayodhya Deepotsav: ৰাম জন্মভূমি অযোধ্যাত একেলগে জ্বলি উঠিল ২৫ লাখ মাটিৰ চাকি



 দীপাৱলীৰ উছৱ-উলাহৰ মাজতে ৰাম জন্মভূমি অযোধ্যাত হ’ল বিশ্ব অভিলেখ। বুধবাৰে সন্ধিয়া উত্তৰ প্ৰদেশৰ অযোধ্যাত একেলগে জ্বলি উঠিল ২৫,১২,৫৮৫ গছি মাটিৰ চাকি। অযোধ্যাৰ দীপোৎসৱৰ এই অষ্টম সংস্কৰণত দুটাকৈ গীনিজ ৱ’ৰ্ল্ড ৰেকৰ্ড নথিভুক্ত হয়। এই অভিলেখ দুটা হৈছে একেলগে সৰ্বাধিক লোকৰ ‘আৰতি’ প্ৰদৰ্শন আৰু সৰ্বাধিকসংখ্যক বন্তি প্ৰজ্জ্বালন। বুধবাৰে অযোধ্যাত দীপোৎসৱ উদযাপনৰ সময়ত উত্তৰ প্ৰদেশে দুটাকৈ নতুন গীনি়জ ৱ’ৰ্ল্ড ৰেকৰ্ড স্থাপন কৰিছিল।

অযোধ্যাৰ সৰযু নদীৰ ‘ৰাম কী পেইড়ি’ ঘাটকে ধৰি ৫৫টা ঘাটত এই চাকিবোৰ প্ৰজ্জ্বালন কৰিবলৈ সাজু কৰা হৈছিল। ইয়াত ২৫ লাখতকৈও অধিক মাটিৰ চাকি একেলগে জ্বলোৱা হৈছিল। আনহাতে, ১,১২১গৰাকী ‘বেদাচাৰ্য’ই একেলগে আৰতি প্ৰদৰ্শন কৰিছিল । চাকিৰ গণনাৰ বাবে ড্ৰোণ ব্যৱহাৰ কৰা হৈছিল। গীনিজ ৱ’ৰ্ল্ড ৰেকৰ্ডছৰ প্ৰমাণীকৰণৰ বাবে গীনিজ পৰামৰ্শদাতা নিচ্চল ভৰোটৰ সৈতে অযোধ্যাত উপস্থিত থকা গীনিজ প্ৰতিনিধি প্ৰবীণ পেটেলে বুধবাৰে সন্ধিয়া অযোধ্যাত এই নতুন অভিলেখ ঘোষণা কৰে।

প্ৰবীণ পেটেলে ঘোষণা কৰে, ‘উত্তৰ প্ৰদেশ পৰ্যটন, অযোধ্যা জিলা প্ৰশাসন আৰু সৰযু আৰতি সমিতিয়ে মুঠ ১,১২১গৰাকী লোকেৰে একেলগে আৰতি প্ৰদৰ্শন কৰি সৰ্বাধিকসংখ্যক লোকৰ আৰতি প্ৰদৰ্শনৰ বাবে গীনিজ ৱ’ৰ্ল্ড ৰেকৰ্ডছৰ খিতাপ দখল কৰিছে। অভিনন্দন!’ আনহাতে, দ্বিতীয়টো ৰেকৰ্ডৰ ক্ষেত্ৰত গীনিজ প্ৰতিনিধিগৰাকীয়ে কয়, ‘মুঠ ২৫,১২,৫৮৫গছি চাকিৰে উত্তৰ প্ৰদেশ পৰ্যটন, উত্তৰ প্ৰদেশ চৰকাৰ, অযোধ্যা জিলা প্ৰশাসন আৰু ডঃ ৰাম মনোহৰ লোহিয়া অৱধ বিশ্ববিদ্যালয়… আপোনালোকে মাটিৰ চাকিৰ সৰ্ববৃহৎ প্ৰদৰ্শনৰ বাবে নতুন গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছ খিতাপ দখল কৰিছে !

Post a Comment

Previous Post Next Post