North East Politcal News: নিৰ্বাচনৰ দৌৰত মুখ্যমন্ত্ৰীৰ পত্নী


 

উত্তৰ পূবৰ তিনিখন ৰাজ্যত অহা ১৩ নবেম্বৰ তাৰিখে উপ-নিৰ্বাচনৰ ভোট গ্ৰহণ। ইতিমধ্যে চিকিমৰ দুখন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে দুজন প্ৰাৰ্থী জয়ী হৈছে। পাহাৰীয়া ৰাজ্যখনৰ চৰেং চাকুং বিধানসভা সমষ্টিটোত মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙৰ পুত্ৰ আদিত্য গোলে তামাং জয়ী হৈছে। চিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টৰ প্ৰেম বাহাদুৰ ভাণ্ডাৰীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ কাৰণে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হ’ল মুখ্যমন্ত্ৰীৰ পুত্ৰ।


শাসক দল চিকিম ক্ৰান্তিকাৰী মৰ্চাৰ আনগৰাকী প্ৰাৰ্থী সতিশ চন্দ্ৰ ৰায় আন এটা সমষ্টিৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। চিকিমৰ মুখ্যমন্ত্ৰীৰ বিধায়ক পত্নীয়ে পদত্যাগ কৰাৰ পিছত আৰু মুখ্যমন্ত্ৰীয়ে দুটা সমষ্টিত জয়ী হৈ এটা পৰিহাৰ কৰাৰ কাৰণে দুটা সমষ্টিত উপ-নিৰ্বাচনৰ প্ৰয়োজনীয়তা আহি পৰিছিল।

ইফালে মেঘালয়ত নিৰ্বাচনী দৌৰত সোমাই পৰিছে মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ পত্নী মেহতাব চান্দি। ৰাজ্যখনৰ গামবেগ্ৰে সমষ্টিত মুখ্যমন্ত্ৰী পত্নীৰ প্ৰাৰ্থিত্বই ব্যাপক চৰ্চা লাভ কৰিছে। শাসক দল এনপিপিৰ প্ৰাৰ্থী মেহতাব চান্দিৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী। চাংমা পৰিয়ালৰ প্ৰায় প্ৰতিজন সদস্যই নিৰ্বাচনী ৰাজনীতিৰ সৈতে জড়িত। অন্যহাতেদি মুখ্যমন্ত্ৰী পত্নীক প্ৰত্যাহ্বান জনাইছে তৃণমূল কংগ্ৰেছৰ সাধিয়াৰাণী এম চাংমাই। সাধিয়াৰাণী প্ৰাক্তন মন্ত্ৰী জেনিথ চাংমাৰ পত্নী। সমষ্টিটোৰ পৰা তৃতীয় গৰাকী প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টীৰ বাৰনাৰ্দ মাৰাক।ইফালে অসমৰো দুটা সমষ্টিৰ উপ-নিৰ্বাচনত পৰিয়াল কেন্দ্ৰিক ৰাজনীতিয়ে চৰ্চা লাভ কৰিছে। চামগুৰি সমষ্টিত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন কংগ্ৰেছ দলৰ প্ৰাৰ্থী। চামগুৰিৰ প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইন ধুবুৰীৰ পৰা কংগ্ৰেছৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাত চামগুৰি সমষ্টি খালী হৈছিল।

আনহাতে বঙাইগাঁও সমষ্টিৰ ৮ বাৰৰ বিধায়ক ফণীভূষণ চৌধুৰী অগপৰ পৰা সাংসদ নিৰ্বাচিত হোৱাত তেওঁৰ পত্নী দিপ্তীময়ী চৌধুৰীক অগপৰ পৰা সমষ্টিটোৰ উপ-নিৰ্বাচনত অৱতীৰ্ণ হৈছে। অসমত মুঠ ৫ টা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে । ইয়াৰে বিহালী সমষ্টিত কংগ্ৰেছে বিৰোধী ঐক্যমঞ্চৰ অনুৰোধ প্ৰত্যাখান কৰি একক ভাৱে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কাৰণে শিৰোনাম দখল কৰিছে ।

Post a Comment

Previous Post Next Post