Guwahati News: WhatsApp গ্ৰুপে বিপদ মাতিলে GMCHৰ এগৰাকী নাৰ্ছৰ জীৱনলৈ!

 


গুৱাহাটী মহানগৰ আৰক্ষীৰ জালত GMCHৰ নাৰ্ছ। সামাজিক মাধ্যমেই কাল হ’ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এগৰাকী নাৰ্ছৰ বাবে। এগৰাকী মহিলাৰ বিৰুদ্ধে সমালোচনা কৰি দিছপুৰ আৰক্ষীৰ জালত নাৰ্ছগৰাকী। সন্ধিয়া দিছপুৰ আৰক্ষীয়ে আটক কৰা নাৰ্ছগৰাকীক।


জানিব পৰা মতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এটা IUCৰ ইনচাৰ্জ নাৰ্ছগৰাকী। গুৱাহাটীৰে এগৰাকী মহিলাৰ বিৰুদ্ধে এটা হোৱাটছ আপ গ্ৰুপত অপপ্ৰচাৰ কৰাৰ অভিযোগ। গ্ৰুপটোৰ জৰিয়তে মহিলাগৰাকীৰ ওপৰত জাপি দিছিল এক ভয়ংকৰ অপবাদ। নাৰীজনিত অপকৰ্মত জড়িত হৈ মহিলাগৰাকীয়ে কাৰাবাস খটা বুলি চলাইছিল অপপ্ৰচাৰ। অপপ্ৰচাৰত সমাজত নাক উলিয়াব নোৱাৰা অৱস্থাত পৰিছিল মহিলাগৰাকী।ন্যায় বিচাৰি অৱশেষত দিছপুৰ থানাৰ কাষ চাপে ভুক্তভোগী মহিলাগৰাকী। ভুক্তভোগী মহিলাগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নাৰ্ছগৰাকীক আটক কৰে। ভাৰতীয় ন্যায় সংহিতাৰ ২৯৬/৩৫৬(২)/৭৯ আৰু তথ্য প্ৰযুক্তিৰ আইন ৬৭ৰ অধীনত নাৰ্ছগৰাকীৰ বিৰুদ্ধে দিছপুৰ থানাত ৰুজু হৈছে ১১৯২/২০২৪ নম্বৰৰ এক গোচৰ।

Post a Comment

Previous Post Next Post