Zubeen Garg : আকৌ বিৰ্তকত জুবিন ! ভাষাক অৱমাননা কৰি বিদ্বৎ সমাজৰ ৰোষত জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী


 

দীঘলীপুখুৰীত গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ পুনৰ বিতৰ্কিত মন্তব্য কৰিলে শিল্পী জুবিন গাৰ্গে। সংগীতৰ জৰিয়তে অসমীয়া লোকৰ হৃদয়ত স্থান লাভ কৰা জুবিন গাৰ্গে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্ৱীকৃতি লাভ কৰাৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য প্ৰকাশ কৰে। অসমীয়া ভাষাক ধ্ৰুপদী ভাষা নহয় বুলি উদ্ভট মন্তব্য কৰে জুবিন গাৰ্গে। লগতে, অসমীয়া ভাষাৰ ইতিহাস কেৱল ২০০ বছৰ পুৰণি বুলিও উল্লেখ কৰে জনপ্ৰিয় শিল্পীগৰাকীয়ে। জুবিনৰ এই মন্তব্যৰ পাছতেই এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। বৌদ্ধিক সমাজতো উঠিছে জোকাৰণি।


প্ৰশ্ন উঠিছে- সাধাৰণতে হকে-বিহকে বিতৰ্কত থাকিবলৈ ভাল পোৱা জুবিন গাৰ্গে পাহৰি গ’ল নেকি অসমীয়া ভাষাৰ সোণোৱালী ইতিহাস? যি অসমীয়া ভাষাত গীত গাবলৈ আৰম্ভ কৰি সংগীতৰ সুদীৰ্ঘ পৰিক্ৰমা ভ্ৰমিলে, সেই জুবিন গাৰ্গে কোন স’তে ক’ব পাৰে যে ইয়াণ্ডাবু সন্ধিৰ সময়তহে আৰম্ভ গৈছিল অসমীয়া ভাষাৰ প্ৰচলন! যি জুবিন গাৰ্গে শংকৰদেৱ বিৰচিত বৰগীত গাই জনমানসত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ল, সেই জুবিন গাৰ্গে পাহৰি গ’ল শংকৰদেৱৰ ঐতিহাসিক সৃষ্টিৰাজিক। পাহৰি গ’ল শংকৰদেৱৰ নাট, ভটিমা, ভাওনা, কবিতা, বৰগীত অসমীয়া ভাষা সাহিত্যৰ চহকী ভঁৰাললৈ অনবদ্য অৱদান! শংকৰদেৱৰ দৰে শ্ৰেষ্ঠ অসমীয়াকো বিৰ্তকিত মন্তব্য দিয়াৰ সময়ত পাহৰি গ’ল জুবিন গাৰ্গে।


মাধৱ কন্দলীৰ ‘ৰামায়ণ’ ভাৰতীয় সাহিত্যৰ উংকৃষ্ট অৱদান। সেই মাধৱ কন্দলীয়ে ১৪শ শতিকাতে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল বাল্মিকীৰ ৰামায়ণ। তাৰ প্ৰায় ২০০ বছৰ পাছতহে তুলসী দাসে ৰচনা কৰিছিল ৰামচৰিত মানস। অসমীয়া ভাষাৰ এনে গৰিমাময় ঐতিহ্য থকাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে অসমীয়াক ধ্ৰুপদী ভাষাৰ স্ৱীকৃতি দি ভাষাটোৰ ভবিষ্যৎ সুৰক্ষিত কৰি ৰাখিলে। তাৰ পাছতো জুবিন গাৰ্গে কি কাৰকৰ দ্বাৰা প্ৰভাৱিত হৈ এনে বিতৰ্কিত মন্তব্য কৰিলে সেইয়াহে আশ্চর্যজনক কথা। জুবিনৰ বিৰ্তকিত মন্তব্যক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সাহিত্য-সংস্কৃতি জগতত।

জনপ্ৰিয় গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে সামাজিক মাধ্যমযোগে ব্যক্ত কৰে প্ৰতিক্ৰিয়া। ‘নামঘোষা’ৰ উদাহৰণ তুলি ধৰি তেওঁ কয়, ‘আন কথা বাদ দিলোঁ - অসমীয়া ভাষাৰ দুশ বছৰো হোৱা নাই, এই কথাষাৰ মানি ল’ব নোৱাৰিলোঁ। ৫০০ বছৰৰ পূৰ্বেই অসমীয়া ভাষাই মাধুৰ্য্যমণ্ডিত ৰূপ পাইছিল। সেইসময়ত সমগ্ৰ ভাৰতত খুব কম ভাষাৰহে এই সমৃদ্ধি আৰু প্ৰাচুৰ্য আছিল।’ এই বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্য্যকান্ত হাজৰিকাই।

Post a Comment

Previous Post Next Post