যোৰহাট আৰক্ষীক একপ্ৰকাৰ গুৰুত্বহীন কৰি যোৰহাট নগৰত বৃদ্ধি পাইছে যুৱক-যুৱতীৰ উদ্ভণ্ডালিৰ ন ন ঘটনা। শৈক্ষিক নগৰৰূপে পৰিচিত যোৰহাটৰ ৰাজপথত দেখিবলৈ পোৱা যুৱ-উচ্ছৃংখলতাৰ দৃশ্যই উদ্বিগ্ন কৰি তুলিছে জনসাধাৰণক। দীপাৱলীৰ নিশা যোৰহাট নগৰৰ বৰপাত্ৰ আলিত ষ্টেডিয়ামৰ সমীপত এখন তীব্ৰ বেগী বুলেটে খুন্দিয়াই গুৰুতৰভাৱে আহত কৰিছিল পথৰ কাষত ৰৈ থকা কেইবাজনো লোকক। অতি অনিয়ন্ত্ৰিতভাবে তীব্ৰ বেগত এই বুলেটখন এজন যুৱকে চলাই নিয়াৰ অভিযোগ উঠিছিল। অনুৰূপধৰণে যোৰহাট নগৰৰ প্ৰায়বোৰ পথতে একাংশ যুৱকে অতি অনিয়ন্ত্ৰিতভাবে তীব্ৰ বেগত বাইক আৰু স্কুটি চলাই ৰাজপথত একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰি আহিছে। যোৰহাট নগৰৰ ৰাজপথত উশৃংখলতাৰ চৰম দৃশ্য দেখিবলৈ পোৱা গ’ল শুকুৰবাৰে পুৱতি নিশা। অবাইচ মাতেৰে পৰিবেশ উত্তাল কৰি কেইজনমান যুৱকে নিজৰ মাজতে কাজিয়াত লিপ্ত হোৱাৰ লগতে পথৰ ওপৰতে থপৰিয়াই-গুৰিয়াই প্ৰহাৰ কৰিছিল এগৰাকী যুৱতীক।
এতিয়া যোৰহটীয়াৰ প্ৰশ্ন যে- কি হৈছে শৈক্ষিক নগৰ যোৰহাটত? শিক্ষাৰ নগৰৰূপে আভিজাত্য জাহিৰ কৰা যোৰহাট নগৰত যুৱ উচ্ছৃংখলতাৰ ঘটনাই চৰম পৰ্যায় পাইছেগৈ। যোৰহাট নগৰ অঞ্চলত আৰক্ষীৰ উপস্থিতিক নস্যাৎ কৰি সংঘটিত হোৱা যুৱ উচ্ছৃংখলতাৰ ঘটনাই স্তম্ভিত কৰি তুলিছে বহুজনক। শুকুৰবাৰে পুৱতি নিশা যোৰহাট নগৰৰ ৰাজপথত দেখিবলৈ পোৱা গ’ল একাংশ যুৱক-যুৱতীৰ এক উতনুৱা ৰূপ। শুকুৰবাৰে পুৱতি নিশা ৩ বাজি ৭ মিনিটত যোৰহাট নগৰৰ ভিআইপি ৰোডৰূপে পৰিচিত জেইল ৰোডত মা লক্ষ্মী হোটেলৰ সমীপত পথৰ ওপৰতে একাংশ যুৱক-যুৱতীক দেখা গল অপ্ৰকৃতিস্থ অৱস্থাত। পথৰ কাষত ৰখাই থোৱা এখন বগা ৰঙৰ মাৰুতি ছুইফ্ট গাড়ীৰ কাষতে এগৰাকী যুৱতীক সাবটি ধৰি প্ৰহাৰ কৰিছে কেইজনমান যুৱকে। পথৰ ওপৰতে অতি উন্মত্ত অৱস্থাত থকা যুৱককেইজনে নিজৰ মাজতো মাৰপিটত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে। ৰাজপথত অতি অবাইচ মাত মাতি পৰিবেশ উত্তাল কৰি তোলা এই যুৱকসকলৰ বাবে স্থানীয় একাংশ লোক শোৱাপাটীৰ পৰা উঠি আহি দৃশ্য দেখি স্তম্ভিত হৈ পৰিছিল। এই সমগ্ৰ দৃশ্য বন্দী হৈছিল পথৰ কাষত থকা চিচিটিভি কেমেৰাত।
যোৰহাট নগৰৰ মাজমজিয়াত ৰাজপথৰ ওপৰত সংঘটিত এই ভয়ংকৰ উচ্ছৃংখল ঘটনা দেখি হতচকিত হৈ পৰিছে স্থানীয় লোকসকল। যোৰহাটত এনে ঘটনা ব্যাপক হাৰত বৃদ্ধি পাইছে আৰক্ষীৰ সোপাঢিলা ৰূপটোৰ বাবে বুলি জনসাধাৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উল্লেখ্য ঘটনা সংঘটিত হোৱা পথটোৰে যোৰহাটৰ আৰক্ষী চাউনীলৈ যোৱা হয় তথা এই স্থানৰ পৰা প্ৰায় এক কিলোমিটাৰ নিলগতে আছে যোৰহাট সদৰ থানা। কিন্তু আৰক্ষীৰ সৈতে জনসাধাৰণৰ সম্পৰ্ক অতি ক্ষীণ হৈ পৰাত বৰ্তমান এনে দৃশ্য দেখাৰ পাছতো আৰক্ষীক খবৰ দিবলৈ দ্বিধাবোধ কৰি মৌন হৈ ৰয় জনসাধাৰণ। উল্লেখ্য নথিপত্ৰৰ কামত অধিক ব্যস্ত হৈ পৰা যোৰহাটত আৰক্ষীৰ ভূমিকাক লৈ ৰাইজৰ মাজত তীব্ৰ অসন্তুষ্টিয়ে গা কৰি উঠিছে।