এক লোমহৰ্ষক ঘটনাই কঁপাই গৈছে ৰূপহীহাটৰ গড়াজান। একেটা পৰিয়ালৰ তিনিজনৰ লগতে আন এজন যুৱকক ঘৰৰ ভিতৰতে নৃশংসভাৱে হত্যা কৰে দুৰ্বৃত্তই। চোকা অস্ত্ৰৰে চাৰিওজনক হত্যা কৰি পলায়ন কৰে দুৰ্বৃত্তই। ঘৰৰ ভিতৰত প্ৰৱেশ কৰি দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰে আটাইকেইজন লোকক।
কিন্তু কোনে কি কাৰণত সংঘটিত কৰিলে এই হত্যাকাণ্ড? সেয়া এতিয়াও স্পষ্টভাৱে জানিব পৰা হোৱা নাই যদিও প্ৰেমজনিত কাৰণতে এই জঘন্য হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে ৰাইজে।
মৃত লোককেইজন হ’ল গুণধৰ সৰকাৰ (৫৮), সুৰধ্বনি সৰকাৰ (৫০), জয়স্মিতা সৰকাৰ (২৩) আৰু এজন প্ৰায় ৩৫ বছৰীয়া অচিনাক্ত যুৱক। পৰিয়ালৰ লোকে জনোৱা মতে, প্ৰেমজনিত কাৰণতে এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে।
উল্লেখযোগ্য যে গুণধৰ সৰকাৰৰ জ্যেষ্ঠ কন্যা নৱস্মিতা সৰকাৰৰ অহা বুধবাৰে বিয়াৰ দিন। ছায়ইদৰীয়া গাঁৱৰ কুশল সৰকাৰৰ লগতে ঠিক হৈছিল বিয়া। ঘৰত বিয়াৰ প্ৰস্তুতি চলি আছিল। ঘৰত চলি আছিল পেণ্ডেলৰ কাম।হত্যাকাণ্ডৰ সময়ত নৱস্মিতা সৰকাৰ নগাঁও টাউনলৈ বিয়াৰ বজাৰ কৰিবলৈ গৈছিল। সেই সময়তে দুৰ্বৃত্তই ঘৰৰ ভিতৰত প্ৰৱেশ কৰি নৱস্মিতাৰ পিতৃ-মাতৃ, ভগ্নী আৰু এজন যুৱকক নৃশংসভাৱে হত্যা কৰে। ইতিমধ্যে নগাঁও আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।