নৱস্মিতাৰ পৰিয়ালৰ সৈতে উদ্ধাৰ হ’ল প্ৰেমিক অনুপমৰ মৃতদেহ


 

নগাঁও জিলাৰ ৰূপহীহাটৰ গড়াজানত চাঞ্চল্যকৰ হত্যাকাণ্ড। একেটা পৰিয়ালৰ ৩জনৰ লগতে আন এজন যুবকক হত্যা। দুৰ্বৃত্তই চাৰি জনক চোকা অস্ত্ৰৰে হত্যা কৰাৰ সন্দেহ। শুকুৰবাৰে সন্ধিয়া প্ৰায় ৮ মান বজাত সংঘটিত হয় এই লোমহৰ্ষক হত্যাকাণ্ড। নিশাই ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ বৃহৎ দল।

কোনে কি কাৰনত হত্যা কৰিলে তাৰ কাৰণ জানিব পৰা হোৱা নাই যদিও প্ৰেমজনিত কাৰণতে এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ। ঘৰখনৰ মুৰব্বী গুণধৰ সৰকাৰ (৫৮), পত্নী সুৰধ্বনি সৰকাৰ (৫০) আৰু কনিষ্ঠ কন্যা জয়স্মিতা সৰকাৰক (২৩) ডিঙি কাটি নৃশংসভাৱে হত্যা কৰা হয়। ঘৰখনত প্ৰায় ৩৫ বছৰীয়া আন এজন যুৱকৰো মৃতদেহ উদ্ধাৰ হৈছে। মৃত যুৱকজন নগাঁৱৰ অনুপম সূত্ৰধৰ বুলি জানিব পৰা গৈছে।

গুণধৰ চৰকাৰৰ জ্যেষ্ঠ কন্যা নৱস্মিতা সৰকাৰৰ অহা ২৭ নৱেম্বৰ বুধবাৰে আছিল বিবাহ। ছাইদৰীয়া গাঁৱৰ কুশল সৰকাৰৰ সৈতে বিবাহৰ দিন ঠিক হৈছিল জ্যেষ্ঠ কন্যা নৱস্মিতা সৰকাৰৰ। ঘৰত বিবাহৰ প্ৰস্তুতি চলি আছিল। ঘৰত আৰম্ভ হৈছিল পেণ্ডেলৰ কাম। হত্যাকাণ্ডৰ সময়ত নৱস্মিতা সৰকাৰ নগাঁও টাউনত বিয়াৰ বজাৰ কৰি আছিল। প্ৰেমজনিত কাৰণত এই জঘন্য হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ পৰিয়াল-আত্মীয়ৰ।


জানিব পৰা মতে, বিগত দুবছৰৰ পৰা নগাঁৱৰ তেলিয়াপট্টীৰ অনুপম সূত্ৰধৰে প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল নৱস্মিতা সৰকাৰক। টেট শিক্ষয়িত্ৰী হিচাপে নগাঁৱত কৰ্মৰত নৱস্মিতা সৰকাৰে বাৰে বাৰে প্ৰত্যাখান কৰি আহিছিল অনুপম সূত্ৰধৰৰ প্ৰেমৰ প্ৰস্তাৱ। বাৰে বাৰে অনুপম সূত্ৰধৰে প্ৰেম প্ৰস্তাৱ দি অশান্তি কৰি থকাৰ বাবে যুৱকজনৰ বিৰুদ্ধে এবছৰ পূৰ্বে নগাঁও সদৰ থানাত গোচৰো তৰিছিল নৱস্মিতা সৰকাৰৰ পৰিয়ালে।কিন্তু শুক্ৰবাৰে নিশা সংঘটিত হত্যাকাণ্ডত নৱস্মীতা সৰকাৰৰ ঘৰখনৰ তিনি সদস্যৰ মৃতদেহৰ লগতে উদ্ধাৰ হয় নৱস্মিতা সৰকাৰক প্ৰেমৰ প্ৰস্তাৱ দি অশান্তি কৰি অহা নগাঁৱৰ অনুপম সূত্ৰধৰৰ মৃতদেহো। এই ঘটনাই এতিয়া বহু প্ৰশ্নৰ উদ্ৰেগ ঘটাইছে। আৰক্ষীৰ সঠিক তদন্তৰ অন্ততহে পোহৰলৈ আহিব এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য।

Post a Comment

Previous Post Next Post